আজি অসমীয়া ভাষা আৰু সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি কালিৰাম মেধিৰ স্মৃতি দিৱস । ‘অৰিজিন অব দি আছামিজ ড্ৰামা’ গ্ৰন্থৰ স্ৰষ্টা কালিৰাম মেধিয়ে ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’, ‘অসমীয়া ভাষাৰ মূল’, ‘অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান’, ‘বীজ গণিত’ আদি গ্ৰন্থৰে অসমীয়া ভাষা আৰু সাহিত্যক চহকী কৰি থৈ গৈছে । তেওঁৰ ‘অংকাৱলী’ গ্ৰন্থখন অসমীয়া বৈষ্ণৱ সাহিত্যৰ অমূল্য সম্পদ । ১৯০৩ চনত তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । উপ-প্ৰতি সমাহৰ্তাৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলে ।পিছলৈ তেওঁ এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ, ইএচি,মহকুমাধিপতি আৰু জিলা উপায়ুক্তও হয় । ১৯১৯ চনত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৫৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী মহান ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত ।