শীতকালৰ পাচলিৰ ভিতৰত বন্ধাকবি অন্যতম পাচলি। প্ৰতিদিনৰ খাদ্য তালিকাত বন্ধাকবি থাকিলে শৰীৰৰ মেদ নোহোৱা হৈ যায়।
১) বান্ধাকবিত আছে ক্লুছিফেৰাছ , এণ্টি অক্সিডেণ্ট , ভিটামিন আৰু খনিজ পদাৰ্থ।
২) নিয়মিত বন্ধাকবি খালে হজম শক্তি উন্নত কৰাৰ লগতে ওজন কমোৱাত সহায় কৰে ।
৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ গুণ আছে বন্ধা কবিৰ। সেয়ে প্ৰতিদিনৰ আহাৰত বন্ধাকবি থকাটো প্ৰয়োজন।
৪) বন্ধা কবিত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ। যাৰ ফলত কোষ্ঠকাঠিন্য উপশম হোৱাত সহায় হয়।
৫) বন্ধা কবিত প্ৰচুৰ পৰিমাণে ভিটামিন চি’ থাকে। তেজত কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে এই পাচলিবিধে।
৬) বান্ধা কবিত থকা ছালফোৰাফেন যৌগ’ই কেঞ্চাৰৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে। কেঞ্চাৰ নিৰ্মূল হোৱাতো সহায় কৰে এই পাচলি বিধে।