আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বিশিষ্ট সেনানী ৰাণী গাইডিনলিউৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে মণিপুৰৰ লুংকাওত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজ সংগঠক আৰু বিপ্লৱী নেত্ৰী । ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল । উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া লোকসকলৰ নিজ নিজ ধৰ্মীয় বিশ্বাসক ধৰি ৰাখিবলৈ চেষ্টা কৰা গাইডিনলিউয়ে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ আন্দোলন গঢ়ি তুলিছিল । ১৯৩২ চনত তেতিয়াৰ অবিভক্ত অসমৰ হাংকম গাঁৱত তেওঁৰ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ হয় । ব্ৰিটিছে তেওঁক উত্তৰ-পূবৰ সন্ত্ৰাসবাদী আখ্যা দিছিল আৰু তেওঁক জীৱন্তে বা মৃত অৱস্থাত ধৰাই দিব পাৰিলে ৫০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সময়ত তেওঁক নেহৰুৱে সাক্ষাৎ কৰিছিল আৰু ৰাণী উপাধি প্ৰদান কৰিছিল । এইগৰাকী মহান দেশপ্ৰেমীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি বিশিষ্ট ভাষাবিদ ৰমেশ পাঠকৰ স্মৃতি দিৱস । ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৬৬ চনত অৰুণাচল প্ৰদেশৰ (তেতিয়াৰ নেফা) জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে । ১৯৮৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে । ১৯৭০ চনত কটন কলেজৰ অসমীয়া বিভাগত যোগদান কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে । অৱসৰৰ পিছত তেওঁ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অধ্যাপনা কৰে । অসমীয়া ভাষা আৰু ব্যাকৰণ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ ৰচনা কৰিছিল । ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস, উচ্চতৰ অসমীয়া ব্যাকৰণ আদি তেওঁৰ ভাষা বিষয়ক গ্ৰন্থ । তেওঁ উপন্যাস, কবিতা, নাটক আদিও ৰচনা কৰিছিল । অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ২০২০ চনত অসম প্ৰকাশন পৰিষদে তেওঁক জীৱনজোৰা সাধনা বঁটা আগবঢ়ায় । ২০২১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । ভাষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।