ইণ্ডোনেছিয়াত দুদিন ধৰি সন্ধানহীন হৈ আছিল এটি চাৰি বছৰীয়া শিশু মহম্মদ জিয়াদ উইজয়া। পৰিয়ালৰ লোক, আৰক্ষী প্ৰশাসনৰ মানুহ, উপকূলৰ ৰক্ষী সকলোৱে তেওঁক বিচাৰি ব্যস্ত হৈ পৰিছিল যদিও সন্ধান উলিয়াব পৰা নাছিল শিশুটিৰ। কিন্তু অৱশেষত এক দৃশ্য দেখি সকলো মানুহ আচৰিত হ’ল ৷ নদীত ওপঙি থকা দেখা গ’ল এটা কুম্ভীৰক ।সেই শিশুটিক পিঠিত লৈ কুম্ভীৰটোৱে শিশুটিক নাও এখনত উঠাই দিয়ে। এই কথা দেখি হতভম্ব হৈ পৰে মাছমৰীয়াসকলো ।
আপুনি জানি আচৰিত হ’ব যে ১০ ফুট দীঘল এই কুম্ভীৰটোৱে শিশুটিৰ মৃতদেহটো পিঠিত লৈ নদীত ওপঙি আছিল। শিশুটিক পৰিবলৈ নিদি শেষত নাও এখনত উঠাই দিয়াৰ দৃশ্য সঁচাকৈয়ে আচৰিত।
ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি শিশুটিৰ শৰীৰত এটাও আঘাতৰ চিন নাছিল। অৰ্থাৎ কুম্ভীৰটোৱে তেওঁক আঘাত দিয়াৰ কোনো চেষ্টা কৰা নাছিল। আঁচোৰ এটাও নাছিল শিশুটিৰ দেহত। ইষ্ট কালিমন্তন চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীৰ সদস্যসকলেও তেওঁলোকে বিচৰা শিশুটিক এটা কুম্ভীৰে লৈ অহাৰ খবৰ পাই আচৰিত হৈ পৰে। অনুসন্ধান আৰু উদ্ধাৰ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে কয় যে ইমান দূৰৰ পৰা এটা কুম্ভীৰে শিশুটিক লৈ আনিছিল বুলি কোনেও বিশ্বাসেই কৰিব নোৱাৰে। তাকো কোনো আঘাত নোহোৱাকৈ। সঁচাকৈয়ে ই পৃথিৱীৰ এক আশ্চৰ্য্যকৰ পৰিঘটনা।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মাছমৰীয়াই শিশুটিক লৈ যোৱাৰ সময়ত কুম্ভীৰটো পানীৰ তলত নোহোৱা হৈ যায়। ডুব যোৱাৰ ফলত শিশুটিৰ মৃত্যু হৈছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কুম্ভীৰটোৱে যে শিশুটিক হত্যা কৰা নাই সেয়া নিশ্চিত।
কুম্ভীৰে ইণ্ডোনেছিয়াত প্ৰতি বছৰে গড়ে প্ৰায় ১০০০ মানুহক হত্যা কৰে যদিও প্ৰৰোচিত নোহোৱালৈকে ইহঁতে সাধাৰণতে নিজেই মানুহক আক্ৰমণ নকৰে। ৰিচাৰ্চগেটৰ তথ্য অনুসৰি ২০০৭ চনৰ পৰা ২০১৬ চনৰ ভিতৰত বৰ্নিওত ২২১টা কুম্ভীৰৰ আক্ৰমণ সংঘটিত হৈছিল, য’ত ১২৯ জন লোকৰ মৃত্যু হৈছিল।