ক’ভিডৰ পৰৱৰ্তী পৃথিৱীখন যেন ক্ৰমশঃ উদ্যোগী-ব্যৱসায়ীসকলৰ বাবে দুৰ্বিসহ হৈ আহিছে। এই কথাকে পুনৰ প্ৰমাণিত কৰি আত্মহত্যাৰ পথ বাছি ল’লে বিজেপিৰ বহু পুৰণি তথা সক্ৰিয় কৰ্মী মিথুৰঞ্জন দাসে।
এন এইচ এমৰ পৰা ঠিকাৰ কামৰ বিল নোপোৱাৰ বাবেই দাসে বাছি ল’লে এই চৰম পথ। উল্লেখ্য যে ছুইচাইড নোটত তেখেতে লিখি থৈ গৈছে কষ্টকৰ জীৱনযাত্ৰাৰ কথা।
তথ্য অনুসৰি এন এইচ এম, ক’ভিড ১৯ৰ খাদ্য যোগানৰ বিলৰ লগতে পথ নিৰ্মাণৰ টকাও পোৱা নাছিল বিজেপিৰ এই পুৰণি কৰ্মীজনে।
অসমীয়া আৰু বঙালী ভাষাত লিখা তেখেতৰ আত্মহত্যা পত্ৰত চূড়ান্ত আৰ্থিক সংকটত পৰি এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি সকলোকে ক্ষমা বিচাৰিছে।
লক্ষণীয় ভাৱে চাৰি বছৰৰ পুৰণি পথ নিৰ্মাণৰ বিলৰ টকা নোপোৱা বুলিও উল্লেখ কৰিছে দাসে। বিলৰ পইচা ঘূৰাই নাপাই বহু ঠাইত ধাৰ হোৱাৰ লগতে চূড়ান্ত আৰ্থিক সংকটত পৰিছিল মিথুৰঞ্জন দাস।
দাসৰ মৃত্যুয়ে চৰকাৰী কাম আৰু ক্ষুদ্ৰ উদ্যোগী-ব্যৱসায়ী-ঠিকাদাৰৰ প্ৰতি চৰকাৰৰ অনীহা তথা গুৰুত্বহীনতাৰ স্পষ্ট ছবি প্ৰতিফলিত কৰিছে বুলি একাংশই অভিযোগ তুলিছে। কিছুদিন পূৰ্বে প্ৰেছৰ স্বত্তাধিকাৰীৰ আত্মহত্যা, আজি দাসৰ আত্মহত্যা! তথাপি যেন গা লৰা নাই চৰকাৰৰ বিভিন্ন বিভাগৰ।
ক’ভিডে ব্যৱসায়ী তথা ক্ষুদ্ৰ উদ্যোগীসকলৰ জীৱনলৈ চৰম সংকট কঢ়িয়াই আনিছে। বহু ব্যৱসায় বন্ধ হোৱাৰ খবৰ এতিয়া দৈনন্দিন বাতৰিলৈ পৰিণত হৈছে লগতে সুলভ হৈ পৰিছে মৃত্যুৰ খবৰো।
এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা ল’ব নে? এই প্ৰশ্ন লৈ এতিয়া চৰকাৰৰ মুখলৈ চাই আছে অসমৰ ক্ষুদ্ৰ উদ্যোগী-ব্যৱসায়ীসকলে।