ঘিউ বহুতৰ বাবে প্ৰিয়। কেতিয়াবা একো খাব মন নগ’লে অকল ঘিউ -ভাত খাই তৃপ্তি লাভ কৰিব পাৰি। ঘিউ স্বাস্থ্য গুণ সম্পন্ন উপাদানেৰে ভৰপূৰ যদিও গৰ্ভাৱস্থাত ঘিউ খোৱা উচিত নে অনুচিত ? জাঁনো আহকচোন–
১) ঘিউ খোৱাৰ বহুত উপকাৰীতা আছে কিন্তু অধিক পৰিমাণে ঘিউ খালে শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে। তাৰোপৰি কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। গতিকে এই বিষয়ে সচেতনতা থকাটো জৰুৰী।
২) গৰ্ভৱতী মহিলাৰ শেষৰ তিনিমাহত প্ৰতিদিনে অন্তত ২০০ অতিৰিক্ত কেলৰীৰ প্ৰয়োজন হয়। এই সময়ত ঘিউৰ নিচিনা পুষ্টিকৰ খাদ্যৰ অতি প্ৰয়োজন হৈ পৰে। গতিকে এই কেইমাহত ঘিউ খোৱা মাক আৰু শিশু দুয়োৰে কাৰণে উপকাৰী।
৩) নিঃসন্দেহে স্বাস্থ্য গুণ সম্পন্ন ঘিউয়ে মাতৃ গৰ্ভত থকা সন্তানক হৃষ্ট-পুষ্ট কৰি তোলাত সহায় কৰে। খাবলৈ সোৱাদ হোৱাৰ লগতে এনাৰ্জি আৰু স্বাস্থ্যৰ খেয়াল ৰখাৰ ক্ষেত্ৰতো ঘিউয়ে সহায় কৰে।
৪) গৰ্ভৱতী মহিলাৰ শৰীৰ বৰ বেছি সংবেদনশীল হৈ থাকে। শৰীৰ ভালে ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ গৰ্ভৱতী মহিলাই ঘিউ খোৱা উচিত।
৫) গৰ্ভ অৱস্থাত অতি বেছি ঘিউ খালে কিছুমান পাৰ্শ প্ৰতিক্ৰিয়াই দেখা দিব পাৰে। কলেষ্টেৰল বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৬) বিশেষজ্ঞ সকলৰ মতে , গৰ্ভৱতী মহিলাই দিনে অন্তত্ব ১ -৩ টেবিল চামুচ ঘিউ খাব লাগে। অৱশ্যে এই ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
৭) ভাতৰ লগত ঘিউ সানি বা পৰোঠাত ঘিউ সানি খাব পাৰি বা যি কোনো ৰান্ধা আঞ্জাত ঘিউ দি খাব পাৰি কিন্তু ঘিউৰ পৰিমাণৰ ওপৰত মনোযোগ ৰাখিব লাগিব।
৮) গৰ্ভাৱস্থাত স্বাস্থ্য সন্মত খাদ্য খোৱাৰ লগতে সামান্য যোগ-ব্যায়াম কৰি নিজকে ব্যস্ত ৰাখিব লাগে। ইয়াৰ ফলত গৰ্ভৱতী মাক আৰু সন্তান দুয়ো জনে সুস্থ থাকিব পাৰে।