ভাৰতীয় ৰিজাৰ্ভ বেংকে (The Reserve Bank of India) এক বিশেষ সালসলনি কৰিব বিচাৰিছে ডাটা ষ্টোৰেজ পলিচিৰ ক্ষেত্ৰত। প্ৰাপ্ত তথ্য মতে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। এই নতুন নিয়মৰ পাচত পেটিএম , এমেজন , ফ্লিপকাৰ্ট , নেটফ্লিক্স আদিৰ দৰে এপ বোৰে গ্ৰাহকৰ বেংকৰ কাৰ্ড সম্বন্ধীয় কোনো তথ্য জমা কৰি থব নোৱাৰিব।
উল্লেখ্য যে RBIৰ নতুন নিয়ম আৰম্ভ হোৱাৰ পাচত গ্ৰাহকে কোনো বস্তু অনলাইন এপৰ জৰিয়তে ক্ৰয় কৰাৰ সময়ত অথবা পেটিএম অথবা এমেজনৰ সহায়ত টকা দিওঁতে তেঁওলোকৰ ডেবিট বা ক্ৰেডিট কাৰ্ডৰ নম্বৰসমূহ প্ৰতিবাৰেই দিব লাগিব। আনহাতে গ্ৰাহকে নিজৰ কাৰ্ডৰ নম্বৰ সমূহ নিজেই মনত থব লাগিব অথবা ক’ৰবাত লিখি ৰাখিব লাগিব।
গ্ৰাহকৰ কাৰ্ড তথা বেংকৰ সুৰক্ষাৰ স্বাৰ্থতেই RBI য়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নতুন নিয়ম ভালদৰে আৰম্ভ নোহোৱালৈকে অনলাইন শ্বপিং এপ, টকাৰ লেনদেন কৰা এপ অথবা বিনোদনৰ এপ বোৰত আগৰ দৰেই কোনো গ্ৰাহকৰ কাৰ্ডৰ সবিশেষ যিদৰে জমা হৈ থাকে সেইদৰেই থাকিব। সাধাৰণতে এইক্ষেত্ৰত দেখা যায় যে প্ৰথমবাৰ কাৰ্ডৰ সবিশেষ দিয়াৰ পাচত পুনৰ সেই এপ ব্যৱহাৰ কৰিলে কেৱল CVV আৰু OTP দিলেই হয়।
কিন্তু RBIৰ নতুন নিয়ম আৰম্ভ হোৱাৰ লগে লগে গ্ৰাহকসকলে আৰু এই সুবিধা লাভ নকৰে। কিয়নো গ্ৰাহকৰ বাবে বহুতো ক্ষেত্ৰত সুবিধা হ’লেও ইয়াৰ কিছুমান অপকাৰিতাও নথকা নহয় । দৰাচলতে গ্ৰাহকৰ সুৰক্ষাৰ স্বাৰ্থতেই প্ৰযোজ্য হ’ব এই নতুন নীতি- নিৰ্দেশনা ।
প্ৰাপ্ত তথ্য মতে RBI য়ে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই এই নিয়ম কাৰ্যকৰী কৰিব বিচাৰিছিল। কিন্তু এই কাৰ্য ৬ মাহ পিচুৱাই দিবলগীয়া হয় কাৰণ অন্য বেংক সমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নিয়মত বৰ্তমানলৈকে সন্মতি জনোৱা নাই।