কেৱল মেধাৱী ছাত্ৰ হোৱা বাবেই ধৰ্ষণৰ দৰে অভিযোগত অভিযুক্তই মুক্তি পাব পাৰে নে? দেশৰ ভৱিষ্যত কেৱল মেধাৱী ছাত্ৰৰ হাততহে নেকি? এনে ধৰণৰ কিছু সংখ্যক প্ৰশ্নই এতিয়া বহুজনক আমনি দিছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে আই আই টি গুৱাহাটীত সংঘটিত ধৰ্ষণকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ছাত্ৰগৰাকীক জামিন প্ৰদান কৰিছে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে নিৰ্দশনাত তেওঁলোক দুয়োকে “ৰাজ্যৰ ভৱিষ্যতৰ সম্পদ” বুলি অভিহিত কৰিছে।
এতিয়া এই লৈ সচেতন মহলত ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। ১৯ৰ পৰা ২১ বছৰৰ ভিতৰৰ এই দলটোৰ মূল অভিযুক্তজন মেধাৱী আৰু সন্মানীয় প্ৰতিষ্ঠানৰ হোৱা বাবে আদালতে তেওঁক মুক্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে।
উল্লেখ্য যে ২৮ মাৰ্চৰ নিশা অভিযুক্তজনে সহপাঠী ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনাৰ পিছদিনাহে অভিযুক্ত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
গোচৰ সংক্ৰান্তীয় তদন্ত সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি বিচাৰপীঠে মন্তব্য কৰে যে, ভুক্তভোগী আৰু অভিযুক্ত হৈছে ৰাজ্যখনৰ ভৱিষ্যতৰ সম্পদ। গুৱাহাটীৰ সন্মানীয় আই আই টিৰ ছাত্ৰগৰাকী আৰু অভিযুক্তৰ ভৱিষ্যতত এই কাৰ্যই নিশ্চয় বাধা প্ৰদান নকৰিব। এই সন্দৰ্ভত অভিযুক্তক আটক কৰি ৰখাৰ প্ৰয়োজন নহ’বও পাৰে বুলিও আদালতে উল্লেখ কৰিছে বুলি প্ৰকাশ।
উল্লেখনীয় যে জামিনৰ আবেদনৰ সৈতে মোকাবিলা কৰোতে গুচৰটো ন্যায়িকভাৱে ভালদৰে নিষ্পত্তি কৰা হৈছে। আদালতক অভিযুক্তৰ বিৰুদ্ধে উপলব্ধ প্ৰমাণৰ গুণাগুণ বা দোষবোৰ আলোচনা কৰা প্ৰয়োজনীয় নহয় কিন্তু জামিন মঞ্জুৰ হোৱাৰ সময়ত প্ৰাথমিক ভাৱে সমাপ্ত হোৱা কিছুমান কাৰণ চমুকৈ উল্লেখ কৰা প্ৰয়োজন বুলি আদালতে মন্তব্য কৰে।
প্ৰতিবেদন অনুসৰি উচ্চ ন্যায়ালয়ে অভিযুক্তজনক দুটা জামানতৰ সৈতে ৩০,০০০ টকাৰ চুক্ৰিপত্ৰত মুক্তিদান কৰে।
বিচাৰত উল্লেখ কৰা হৈছে যে অভিযুক্ত গৰাকী আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ বি টেক প্ৰি-ফাইনেল বৰ্ষৰ এজন অত্যন্ত মেধাৱী ছাত্ৰ। ইয়াৰ উপৰি ইতিমধ্য উক্ত গোচৰত ১২০ দিন ন্যায়িক জিম্মাত থকা ছাত্ৰজনৰ বিৰুদ্ধে ধৰ্ষণৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই।
আনহাতে ভুক্তভোগী ছাত্ৰী গৰাকীৰ হৈ ন্যায়ালয়ত যুঁজ দি অহা সুমীত্ৰা শৰ্মাই এনে এটা দণ্ডনীয় অপৰাধত অভিযুক্ত ছাত্ৰ গৰাকীক জামিনত মুকলি কৰি দিয়া ন্যায়ালয়ৰ ৰায়ক বিৰোধিতা কৰিছে।