তুৰস্কৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ আতংক এতিয়াও মাৰ যোৱা নাই ৷ উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে পুনৰ আন এক ভূমিকম্পই জোঁকাৰি গৈছে দেশখন ৷ ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে মধ্য তুৰস্কত আন এক ৫.৬ ৰিখটাৰ ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাটিৰ পৰা প্ৰায় ২ কিলোমিটাৰ তলত আছিল। চৰকাৰী হিচাপ অনুসৰি সোমবাৰৰ ভূমিকম্পত এতিয়ালৈকে ৪ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।
সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৪ বজাত ভূমিকম্পই তুৰস্ক আৰু ছিৰিয়াৰ বৃহৎ অঞ্চল জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৮। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণ তুৰস্কত। গাজিয়ানেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে। মাটিৰ তলত প্ৰায় ১৮ কিলোমিটাৰ দ’ত এই ভূমিকম্পৰ উৎপত্তি হৈছিল । প্ৰথম ভূমিকম্পৰ ১১ৰ পৰা ১৫ মিনিটৰ পিছত দ্বিতীয়টো কম্পনে লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ কিছু অংশ কঁপাই তোলে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭। তাৰ পিছত কেইবাটাও ভূমিকম্পই তুৰস্ক আৰু ছিৰিয়া কঁপাই তোলে ।
বিশেষজ্ঞসকলৰ মতে এইবোৰেই হৈছে মূল ভূমিকম্পৰ ‘আফটাৰশ্বক’। ই মূলতঃ মাটিৰ তলত সংঘৰ্ষ হোৱা প্লেটবোৰৰ পুনৰ দিশ নিৰ্ণয়ৰ প্ৰক্ৰিয়া। প্ৰথমটো ভূমিকম্পৰ পিছত উৎসৰ ওচৰত নিয়মিত ব্যৱধানত আক্ৰান্ত অঞ্চলটো বাৰে বাৰে কঁপি থাকে। ইহঁতক আফটাৰশ্বক বোলা হয়। বৃহৎ বৃহৎ ভূমিকম্পৰ পিছত এই ‘আফটাৰশ্বক’ সংঘটিত হয়। সময়ৰ লগে লগে আফটাৰশ্বকৰ সংখ্যা কমি যায়। কিন্তু কেতিয়াবা ‘আফটাৰশ্বক’ এবছৰলৈকে থাকিব পাৰে ৷