আজি ঘোষণা কৰা হ’ল জেইই-মেইনৰ জানুৱাৰী সংস্কৰণ পৰীক্ষাৰ ফলাফল ৷ মঙলবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰা অনুসৰি অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা জেইই-মেইনৰ জানুৱাৰী সংস্কৰণত ২০ জন প্ৰাৰ্থীয়ে সম্পূর্ণ নম্বৰ লাভ কৰিছে ৷ ১০০ এন টি এ নম্বৰ লাভ কৰা আটাইকেইজন প্ৰাৰ্থী পুৰুষ।
এনটিএৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ৫০ জন প্ৰাৰ্থীৰ নম্বৰ নিৰীক্ষণৰ অধীনত ৰখা হৈছে। এন টি এ নম্বৰ লাভ কৰা নম্বৰৰ শতাংশৰ সৈতে একে নহয় কিন্তু স্বাভাৱিক নম্বৰৰ সৈতে একে। এপ্ৰিল মাহত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দ্বিতীয় সংস্কৰণ।