পুনৰ অন্য এক খবৰে কঁপাইছে অসম প্ৰদেশ কংগ্ৰেছৰ দূৰ্গ। সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ লগে লগেই কংগ্ৰেছৰ মোহভংগ যাত্ৰাও যেন অব্যাহত আছে।খবৰ অনুসৰি অতি শীঘ্ৰেই তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব।
ভাস্কৰ বৰুৱাৰ লগতে আৰু তিনি গৰাকী কংগ্ৰেছী নেতাই পিন্ধিব গেৰুৱা বসন।বিজেপিৰ সভপতি ভৱেশ কলিতাই সদৰী কৰিছে এই কথা।
বিজেপিৰ সভাপতি জনে ভাস্কৰ বৰুৱাৰ যোগদান নিশ্চিত কৰিছে যদিও যোগদান কৰিবলগীয়া বাকী তিনিজন কংগ্ৰেছী নেতাৰ নাম প্ৰকাশ কৰা নাই।
উল্লেখ যোগ্য যে ২০২১ ৰ নিৰ্বাচনৰ পিছৰে পৰা যেন কংগ্ৰেছে গৰা খহনীয়া ৰোধ কৰিব নোৱাৰা হ’ল।চপৰা চপৰে যেন খহিছে কংগ্ৰেছৰ ভেঁটি। এজন এজনকৈ কংগ্ৰেছৰ সকলো ৰথী-মহাৰথী এতিয়া যোগদান কৰিছ বিজেপিত।
আজি যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰা অনুষ্ঠানত কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক মঞ্চত দেখা গৈছিল। বিজেপিৰ সম্বৰ্ধনা গ্ৰহণ কৰা কংগ্ৰেছৰ বিধায়কজনে অৱশ্যে এইকথা অস্বীকাৰ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাক কষ্ট দিব পৰা কাম নকৰো বুলি স্পষ্ট কৰিছে।
ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্ত কৰিবলৈ কংগ্ৰেছৰ অন্যতম নেতা দেৱব্ৰত শইকীয়াক নিৰ্দেশ জাৰি কৰিছে।
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্থান লোৱা তিতাবৰৰ এই বিধায়কজনে এতিয়া কি স্থিতি গ্ৰহণ কৰে সেইয়া সময়েহে প্ৰমাণ দিব।