শীতকালি ভৰিৰ গোৰোহা ফটা এটা সাধাৰণ সমস্যা। সাধাৰণ হ’লেও এই সমস্যাক দূৰ কৰা অতি প্ৰয়োজন। ভৰিৰ গোৰোহা ফটাৰ সমস্যাক দূৰ কৰিব পাৰি পিঁয়াজেৰে। ভৰিৰ ফটা গোৰোহাৰ পৰা ৰেহাই পাব পাৰি পিঁয়াজৰ পেষ্টেৰে। জাঁনো আহকচোন কেনেকৈ পিঁয়াজৰ পেষ্ট বনাব পাৰি আৰু ইয়াক কেনেকৈ বৱহাৰ কৰিব পাৰি—
১) মিক্সিত এটা পিঁয়াজ মাৰি লৈ তাৰ পৰা ৰস খিনি চেকি উলিয়াব লাগে।
২) পিঁয়াজৰ ৰসত এক চামফচ অলিভ অইল আৰু এক চামুচ মধু মিহলাই ল’ব লাগে।
৩) এই মিশ্ৰণটি গোৰোহাৰ ফটা অংশত লগাই ১৫ মিনিট মান সময় থাকিব লাগে।
৪) মিশ্ৰণটি শুকাই যোৱাৰ পিছত ভৰি ধুই দিব লাগে। ভুলতেও গৰম পানী ব্যৱহাৰ কৰিব নালাগে।।
৫) এই ধৰণে সপাহত ৩/৪ বাৰ পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে ভৰিৰ গোৰোহা ফটা ভাল হয়।