নিশা নিয়মিতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰাটো আপোনাৰ অভ্যাস নেকি দিনতো চকু সদায় মোবাইল ফোনত থাকে নেকি ? ৩০ বছৰীয়া মঞ্জুও নাছিল ব্যতিক্ৰম ৷ তেওঁ বুজি পোৱা নাছিল যে জীৱনতকৈও মৰমৰ মোবাইলটোৱে তেওঁৰ দৃষ্টিশক্তি কাঢ়ি নিব। মোবাইল ফোন অত্যধিক ব্যৱহাৰৰ কুফল তেওঁ ভোগাৰ পাছতে দুশ্চিন্তাত ভোগে । শেহতীয়াকৈ মঞ্জুক চিকিৎসা কৰি থকা চিকিৎসকজনে মোবাইল কিমান বিপজ্জনক হ’ব পাৰে সেই বিষয়ে সঠিকভাৱে বৰ্ণনা কৰিছে। ডাক্তৰ সুধীৰ কুমাৰে নিজৰ টুইটাৰ পেজত মঞ্জুৰ সকলো লক্ষণ আৰু অসুস্থতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে মঞ্জু তেওঁৰ ওচৰলৈ আহি চকু মেলিব পৰা নাছিল। সকলোবোৰ ম্লান হৈ পৰিছিল। কেতিয়াবা চকুৰ সন্মুখত বিদ্যুতৰ জিলিকনি দেখা পাইছিল। কোনো কামতে তেওঁ সঠিকভাৱে মনোনিৱেশ কৰিব পৰা নাছিল। আৰু এই লক্ষণবোৰ বেছিভাগেই নিশাৰ ভাগত দেখা দিছিল। তাৰ লগে লগে কিছুমান স্নায়ুজনিত সমস্যাও আৰম্ভ হ’ল।
যুৱতীগৰাকী পেছাত এগৰাকী আয়া। বিশেষভাৱে সক্ষম শিশুৰ যত্ন লোৱা কাম কৰে । কামৰ মাজত সময় পালেই ফোনত ব্যৱহাৰ কৰিছিল। ৰাতি ঘৰলৈ উভতি অহাৰ সময়তো তেওঁৰ একমাত্ৰ সংগী আছিল তেওঁৰ মোবাইল ফোন। আন্ধাৰত দীৰ্ঘদিন ধৰি মোবাইল ব্যৱহাৰ কৰাৰ বাবে এই সমস্যাবোৰ দেখা দিবলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত এই ৰোগৰ নাম ‘স্মাৰ্টফোন ভিজন চিণ্ড্ৰম (SVS)’। কম্পিউটাৰ, স্মাৰ্টফোন, টেবলেট আদি যন্ত্ৰৰ অত্যধিক ব্যৱহাৰৰ ফলত এই ৰোগ হয়। ইয়াক ‘ডিজিটেল ভিজন চিণ্ড্ৰম’ বুলিও কোৱা হয়। ডাক্তৰে এই ৰোগ নিৰাময়ৰ বাবে কোনো পৰীক্ষা নকৰিলে, মঞ্জুক কোনো ঔষধ খাবলৈ পৰামৰ্শ নিদিলে। মাত্ৰ মোবাইল ফোন ব্যৱহাৰ বন্ধ কৰিবলৈ পৰামৰ্শ দিলোঁ। ডাক্তৰৰ পৰামৰ্শ মতে মঞ্জুৱে মোবাইল ব্যৱহাৰৰ পৰা আঁতৰি থাকিল। এমাহৰ পাছত যেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিল। ঔষধ নাই, মোবাইলৰ ব্যৱহাৰ বন্ধ কৰিহে নতুন জীৱন পালে যুৱতী গৰাকীয়ে ।মোবাইলৰ বাবে দৈনন্দিন জীৱন আৰু জীৱন যাপন বহুত সহজ হৈ পৰিছে। বুটাম এটা টিপিলেই হাজাৰ হাজাৰ সুবিধা হাতত দেখা যায়। তাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ অদমনীয় আকৰ্ষণ ফলত বেছিভাগ সময়তে প্ৰয়োজন বা নথকা স্বত্বেও মোবাইল ফোনত চকু থাকে। আৰু অজানিতে চকুৰ দৃষ্টিশক্তি হেৰুৱাই ৷