এই ছবিকেইখন দেখিলে আপোনাৰো চকুলো নিগৰিব । নিজৰে খাবলৈ আকাল এই ব্যক্তিজনৰ, দেখিলেই অনুমান কৰিব পাৰি যে তেওঁৰ হয়তো কোনো নিৰ্দিষ্ট ঠিকনা নাই । আনৰ পুতৌত জীৱন নিৰ্বাহ কৰা, দেখাত ভিক্ষাৰীযেন লগা সেই ব্যক্তিজনৰ বহল হৃদয়খনে এতিয়া মন জয় কৰিছে অনেকৰ ।
আচলতে ছবিখনত ভিক্ষাৰীযেন লগা ব্যক্তিজনে দুটা বাতিত পথৰ দুটা কুকুৰক খাদ্য খাবলৈ দিছে । কিন্তু নিজে নাখাই ভোকাতুৰ বাটৰ কুকুৰ দুটাক সেই খাদ্য খাবলৈ দিছে ব্যক্তিজনে । ব্যক্তিজনৰ এনে মানৱতা স্বাভাৱিকতেই আজিৰ সময়ত বিৰল । সেই বাবেই এতিয়া ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে ।