আজি বিশিষ্ট সাহিত্যিক মেদিনী চৌধুৰীৰ স্মৃতি দিৱস । শ্বিলঙৰ অসম সচিবালয়ত তেওঁ কৰ্মজীৱনৰ পাতনি মেলে । ১৯৫৬ চনত তেওঁ ই এ চি হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ অসমীয়া, নতুন অসমীয়া, শান্তিদূত আদি কাকতৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। সূত্ৰধাৰ আলোচনীৰ তেওঁ সম্পাদক আছিল। তাত নদী নাছিল নামৰ উপন্যাসখনৰ বাবে তেওঁ ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। ১৯৯৯ চনত বিপন্ন সময় নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। অনন্য প্ৰান্তৰ, বণ্ডুকা বেহাৰ, ফেৰেংগাদাও, যাদুঘৰত কীৰ্তিমুখ আদি তেওঁৰ প্ৰকাশিত জনপ্ৰিয় গ্ৰন্থ। ২০০৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।