ঠিক চিনেমাৰ দৰেই এক ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশত ! ৰেল বিভাগৰ ভূমিত নিৰ্মাণ কৰা হৈছিল এটা হনুমান মন্দিৰ । ৰে’ল বিভাগে সেই ৰামভক্ত হনুমানলৈ ভূমি দখলৰ অভিযোগত জাননী প্ৰেৰণ কৰে। মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ সবলগড় চহৰত সংঘটিত হৈছে এই ঘটনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই জাননীখন ৰে’লৱেই ‘বজৰংবলী’লৈ প্ৰেৰণ কৰিছে। কিন্তু পিছত তেওঁলোকে বিষয়টো উপলব্ধি কৰি জাননী প্ৰত্যাহাৰ কৰে ৷
অক্ষয় কুমাৰ-পৰেশ ৰাৱালে অভিনীত হিন্দী ছবি ‘অ’ মাই গড’ত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ বিচাৰি দেৱতাসকলৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰা হৈছিল। সেই ছবিখনক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হৈছিল। এইবাৰো সংঘটিত হ’ল একেধৰণৰ ঘটনা।
ৰে’লৱেৰ সূত্ৰ অনুসৰি যোৱা ৮ ফেব্ৰুৱাৰীত ‘বজৰংবলী’ক সম্বোধন কৰি এই জাননী জাৰি কৰা হৈছে। জাননীৰ জৰিয়তে ৭ দিনৰ ভিতৰত বেদখল কৰা মাটি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জাননীখনত লগতে উল্লেখ কৰা হৈছে যে যদিহে ৰে’লৱেই মন্দিৰৰ গাঁথনিটো আঁতৰাই নিদিয়ে তেন্তে সকলো খৰচ অধিগ্ৰহণকাৰীয়ে বহন কৰিব লাগিব। হনুমান মন্দিৰত ৰে’লৱেই আঁৰি দিছিল এই জাননী।
জাননীখনৰ ছবি ভাইৰেল হোৱাৰ পিছতে এক উত্তেজনাৰ সৃষ্টি হয় আৰু পিছত ৰে’লৱেই ভুল শুধৰাই মন্দিৰৰ পুৰোহিত হৰিশংকৰ শৰ্মাৰ নামত নতুন জাননী জাৰি কৰে।
এই পৰিপ্ৰেক্ষিতত ঝাঁচী ৰেলৱে সংমণ্ডল জনসংযোগ বিষয়া মনোজ মাথুৰে কয়, ‘প্ৰাথমিক জাননী ভুলতে প্ৰেৰণ কৰা হৈছিল। এতিয়া মন্দিৰৰ পুৰোহিতলৈ নতুন জাননী পঠিওৱা হৈছে।”
তেওঁ লগতে কয় যে শ্বেওপুৰ-গোৱালিয়ৰ ব্ৰডগেজ লাইন নিৰ্মাণৰ বাবে মন্দিৰৰ গাঁথনি আঁতৰোৱাৰ প্ৰয়োজন আছিল। আৰু সেইবাবেই এই জাননী প্ৰেৰণ কৰা হৈছিল ।