উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। উল্লেখ্য যে বাঘজানৰ অইলৰ তৈলকূপত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সেই ঠাইৰ লগতে কাষৰীয়া অঞ্চল সমূহৰ যি ক্ষয়-ক্ষতি হৈছিল তাৰ অনুমান কৰিবৰ বাবে পৰামৰ্শ দিবলৈ নতুন কমিটি গঠন কৰিব উচ্চতম ন্যায়ালয়ে। লগতে অঞ্চলসমূহৰ জৈৱ- বৈচিত্ৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবেও নতুন কমিটি গঠন কৰাৰ সিদ্ধান্ত লৈছে ন্যায়ালয়ে।
প্ৰাপ্ত তথ্য মতে ২৩ আগষ্ট সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠত বাঘজানৰ বিষয়টোৰ সন্দৰ্ভত নতুন কমিটি গঠনৰ এই সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে বাঘজানৰ ঘটনাৰ পাচত বনানী কক্কৰে এন জি টিত এখন আবেদন দাখিল কৰিছিল, যাৰ ভিত্তিত ন্যায়াধিকৰণে কিছুমান নিৰ্দেশ দিয়াৰ লগতে তিনিখন কমিটীও গঠন কৰি দিছিল। কিন্তু অইলৰ পৰিচালন সঞ্চালক এই কমিটিৰ এগৰাকী সদস্য হোৱা বিষয়টোত আপত্তি দৰ্শাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কক্কৰে।
উল্লেখযোগ্য যে জুলাই মাহৰ আৰম্ভণিতে সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰি এন জি টিৰ ৰায়দানত আশ্বৰ্য প্ৰকাশ কৰিছিল।আনহাতে ন্যায়ালয়ে তিনিখন কমিটী গঠনত অসন্তুষ্টি প্ৰকাশ কৰি , এখন কমিটীহে গঠনৰ পোষকতা কৰিছিল আৰু এন জি টিৰ ৰায়দান স্থগিত ৰাখিছিল।
প্ৰাপ্ত তথ্য মতে সোমবাৰে ন্যায়ালয়ৰ ওচৰত বাঘজানৰ বিষয়টোৰ সন্দৰ্ভত কমিটী গঠনৰ বাবে ৬ জন সদস্যৰ এখন তালিকা দাখিল কৰা হয়। ন্যায়ালয়ে এই সদস্যৰ ভিতৰৰে ৪ জন সদস্যৰ বিষয়টোৰ ওপৰত দখল থকাৰ কথা উল্লেখ কৰে।
আনহাতে উচ্চতম ন্যায়ালয়ে এই সদস্যসকলৰ নাম বন আৰু পৰিবেশ মন্ত্ৰালয়লৈও প্ৰেৰণ কৰে। লগতে মন্ত্ৰালয়ক প্ৰতিনিধিত্ব কৰা কে এম নটৰাজলৈ ন্যায়ালয়ে এই সদস্যসকলৰ নাম প্ৰেৰণ কৰি পৰৱৰ্তী শুনানিত বিষয়টোৰ সন্দৰ্ভত তেঁওৰ মতামত আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। জানিবলৈ পোৱা মতে অহা ২৬ তাৰিখে বাঘজানৰ বিষয়টোৰ ওপৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।