বিশ্বৰ আগশাৰীৰ সংবাদমাধ্যম বিবিচিয়ে গুজৰাটৰ গোষ্ঠেসংঘর্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুমিকাক লৈ তথ্যচিত্ৰ নির্মাণক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি পুৱা আয়কৰৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কাৰ্যালয়ত অভিযান চলায় ৷
সূত্ৰই জনোৱা মতে, বিবিচি (ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন)ৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় কৰ আৰু লেনদেনৰ অনিয়মৰ অভিযোগক লৈ এই অভিযান চলোৱা হৈছে ৷ প্ৰায় ২০ জন কৰ বিষয়াই বিবিচিৰ দিল্লী কাৰ্যালয়ত তালাচী চলায়। মুম্বাইত প্ৰডাকচনৰ সৈতে জড়িত বিবিচি ষ্টুডিঅ’ত অভিযান চলোৱা হৈছিল ৷
নথি-পত্ৰ জব্দ কৰাৰ লগতে সাংবাদিকসকলৰ ফোন আৰু লেপটপ অভিযানকাৰীয়ে লৈ যোৱা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে। জৰীপৰ সময়ছোৱাত কাৰ্যালয়সমূহ ছীল কৰা হৈছে আৰু কৰ্মচাৰীসকলক সবিশেষ তথ্য কাৰো আগত প্ৰকাশ নকৰিবলৈ নির্দেশ দিয়া হৈছে ৷
কৰ বিষয়াসকলে কয় যে এইটো এটা জৰীপ, অনুসন্ধান নহয় আৰু ফোনসমূহ ঘূৰাই দিয়া হ’ব ।আয়কৰৰ সূত্ৰই দৃঢ়তাৰে কয় যে, “আমাক কিছু স্পষ্টীকৰণৰ প্ৰয়োজন আছিল আৰু তাৰ বাবে আমাৰ দলটোৱে বিবিচিৰ কাৰ্যালয়লৈ গৈ এটা জৰীপ চলাইছো। আমাৰ বিষয়াসকলে একাউণ্ট বুক পৰীক্ষা কৰিবলৈ গৈছে, এইবোৰ অনুসন্ধান নহয়।” প্ৰাপ্ত তথ্য অনুসৰি বিবিচিৰ বিত্ত বিভাগক বিবিচিৰ বেলেন্স শ্বীট আৰু একাউণ্টৰ সবিশেষ বিচাৰিছিল আয়কৰে ।
“ইণ্ডিয়াঃ মোদী কুৱেশ্বনছ”ক লৈ শেহতীয়াকৈ বিবিচিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল। ২১ জানুৱাৰীত কেন্দ্ৰটোৱে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি বিতৰ্কিত তথ্যচিত্ৰখনৰ লিংক শ্বেয়াৰ কৰা একাধিক ইউটিউব ভিডিঅ’ আৰু টুইটাৰ পোষ্ট ব্লক কৰাৰ নিৰ্দেশ দিছিল। চৰকাৰক প্ৰকাশ্য চেঞ্চৰশ্বিপৰ অভিযোগ উত্থাপন কৰা বিৰোধী নেতা আৰু ছাত্ৰ-ছাত্ৰীসকলে তথ্যচিত্ৰখনৰ ৰাজহুৱা প্ৰদৰ্শনৰ আয়োজন কৰে ৷ কেইবাখনো মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে কলেজ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সৈতে এই বিষয়ত সংঘৰ্ষত লিপ্ত হয়। বিৰোধী কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰা তথ্যচিত্ৰখনৰ বাবে চৰকাৰে বিবিচিক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত কয়- “ইয়াত আমি আদানী-হিণ্ডেনবাৰ্গৰ বিবাদৰ যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ বাবে অনুৰোধ কৰিছো, আৰু তাত চৰকাৰে বিবিচিক খেদি ফুৰিছে। “ তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মইত্ৰাই এটা টুইটত কয় “বিবিচিৰ দিল্লী কাৰ্যালয়ত আয়কৰ অভিযানৰ বাতৰি। বাহ, সঁচাকৈয়ে? কিমান অপ্ৰত্যাশিত।” যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এই তথ্যচিত্ৰখনক লৈ ভাৰতত বিবিচিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ অনুৰোধ নাকচ কৰি আবেদনখনক “সম্পূৰ্ণ ভুল ধাৰণা” বুলি অভিহিত কৰিছিল ৷