এক গিলাচ গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰোটিন , ভিটামিন ১২ , কেলচিয়াম , পটাছিয়াম আৰু ফছফৰাছ থাকে। এইবোৰ উপাদানে হাড়, দাঁত মজবুত কৰাৰ লগতে পেশীবোৰ শক্তিশালী কৰি তোলে। ঔষধ অবিহনে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে এগিলাচ গাখীৰে। এতিয়া কথা হ’ল ঠাণ্ডা গাখীৰ নে গৰম গাখীৰ কোনবিধ খোৱা উপকাৰী। ঠাণ্ডা গাখীৰে মেদ কমোৱাৰ লগতে গৰম গাখীৰে ভাল টোপনি হোৱা আৰু হজম শক্তি বঢ়োৱাত সহায় কৰে। আপোনাৰ কাৰণে কোনবিধ গাখীৰৰ প্ৰয়োজন এই বিষয়ে জাঁনো আহক—-
১) গাখীৰৰ পৰা তৈয়াৰ হোৱা খাদ্য যি সকলৰ হজম নহয় তেওঁলোকে গৰম গাখীৰ খোৱা দৰকাৰ। ঠাণ্ডা গাখীৰ ডাঠ হোৱাৰ বাবে হজম হোৱাত অসুবিধা হয়। গৰম গাখীৰত লেক্টোজেৰ পৰিমাণ কম থকাত সোনকালে হজম হয়।
২) ৰাতি ভাল টোপনিৰ বাবে এগিলাচ গৰম গাখীৰ খুবেই উপকাৰী।
৩) ঠাণ্ডা গাখীৰে মেদ কমায়। যি সকলে গ্ৰেষ্টিকৰ সমস্যাত ভূগি আছে তেওঁলোকৰ বাবে ঠাণ্ডা গাখীৰে বহুত উপকাৰ দিয়াৰ উপৰিও বুকু আৰু পেটৰ পোৰণিও কমায়। গতিকে গেষ্ট্ৰিকৰ সমস্যাত ভোগা জনে আহাৰ গ্ৰহণ কৰাৰ পিছত নিয়মিত ভাৱে এগিলাচ ঠাণ্ডা গাখীৰ খালে দৰৱৰ প্ৰয়োজন নোহোৱা হয়।
৪) চৰ্দি-কাহৰ সমস্যা নাথাকিলে ৰতিপুৱা নিয়মিত ভাৱে এগিলাচ ঠাণ্ডা গাখীৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে। এনে কৰিলে শৰীৰত পানীৰ অভাৱ নোহোৱা হ’ব। কিন্তু ৰাতি ঠাণ্ডা গাখীৰ খোৱা উচিত নহয়। ৰাতি ঠাণ্ডা গাখীৰ খালে পেটৰ সমস্যা হ’ব পাৰে।