ত্ৰিকোণীয় সম্পৰ্কক লৈ বিভ্ৰান্তি। দিল্লীত পুনৰ সংঘটিত হ’ল আন এক লোমহর্ষক হত্যাকাণ্ড ৷ দিল্লীৰএখন ধাবাৰ স্বত্বাধিকাৰী ছাহিল গেহলৌত নামৰ যুৱকজনে হত্যা কৰিলে প্ৰেমিকক। প্ৰেমিকৰ মৃতদেহ ফ্ৰীজত ভৰোৱাৰ এঘণ্টা পিছতে ছাহিলে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই কথা মঙলবাৰে দিল্লী আৰক্ষীক জনাইছে অভিযুক্ত ছাহিলে ৷
মঙলবাৰে আৰক্ষীয়ে হত্যাৰ অভিযোগত ছাহিলক গ্ৰেপ্তাৰ কৰে। অভিযুক্তক সোধা-পোছা কৰাৰ সময়তে ছাহিলে মৃত নিকি যাদৱৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। তেওঁ কয় যে ২০১৮ চনত উত্তম নগৰৰ সমীপৰ এটা কোচিং চেণ্টাৰত নিকিৰ সৈতে কথা-বতৰা হৈছিল। কিছুদিনৰ অন্তত তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হয়। অভিযুক্তই কয় যে ছাহিল আৰু নিকি সম্পৰ্কত অহাৰ পিছত একেলগে থাকিবলৈ আৰম্ভ কৰিছিল।
ছাহিলে প্ৰকাশ কৰে যে তেওঁৰ পৰিয়ালে তেওঁক অহৰহ বিয়া পাতিবলৈ হেচা দিছিল । অৱশেষত ২০২২ চনৰ ডিচেম্বৰ মাহত পৰিয়ালৰ পছন্দৰ ছোৱালীজনীৰ সৈতে ছাহিলৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। চলিত বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত ছাহিলৰ বিয়া নির্ধাৰণ কৰা হৈছিল ৷ কিন্তু এই বিষয়ে তেওঁ নিকিক একো কোৱা নাছিল।
২৬ বছৰীয়া নিকিয়ে পিছত ছাহিলৰ বিবাহৰ কথা গম পায় ৷ ইয়াৰ পিছতে দুয়োজনৰ মাজত কাজিয়া আৰম্ভ হয়। ছাহিলে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁ নিকিক গাড়ীৰে কাশ্মীৰ গেট আই এছ বি টিলৈ লৈ গৈছিল। গাড়ীৰ ভিতৰত দুয়োৰে মাজত তীব্ৰ কাজিয়া হয় । তেতিয়াই ছাহিলে নিকিক হত্যা কৰে ৷
ডিঙিত গাড়ীৰ ডাটা কেবল বান্ধি ছাহিলে নিকিক হত্যা কৰা বুলি আৰক্ষীক ছাহিলে জনায়। ইয়াৰ পিছত তেওঁ নিকিৰ মৃতদেহটো নিজৰ ধাবালৈ লৈ আহে ৷মৃতদেহটো তেওঁ ধাবাৰ ফ্ৰীজত লুকুৱাই ৰাখে ৷ যোৱা ৯ ফেব্ৰুৱাৰীত প্ৰেমিকাক হত্যা কৰিছিল ছাহিলে। লগতে তেওঁ আৰক্ষীক জনায় যে নিকিৰ মৃতদেহ ফ্ৰীজত ভৰোৱাৰ এঘণ্টাৰ ভিতৰতে ছাহিলে পৰিয়ালে পচণ্ড কৰি দিয়া যুৱতীৰ সৈতে বিয়াত বহিছিল ৷