তুৰস্কৰ ভূমিকম্পই বিধ্বস্ত কৰা হাটাই চহৰত ২০৩ ঘণ্টা ধৰি কংক্ৰিটৰ স্তূপৰ তলত আবদ্ধ হৈ থকা এগৰাকী মহিলাক আজি উদ্ধাৰ কৰা হয়। দুৰ্যোগৰ পিছত চাৰিদিন ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছিল ১৭ বছৰীয়া আয়েছা।
তুৰস্কৰ উপ-ৰাষ্ট্ৰপতি ফুৱাট অক্টাইয়ে কয় যে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা ৫৭৪টা শিশুৰ পিতৃ-মাতৃ বিচাৰি পোৱা নাই। ইয়াৰে মাত্ৰ ৭৬ জনকহে তেওঁলোকৰ ওচৰৰ আত্মীয়ক গতাই দিয়া হৈছে। আনহাতে বহু অভিভাৱকে এতিয়াও সন্তান বিচাৰি পোৱা নাই। শিশুৰ সন্ধানত প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনে দিয়া জৰুৰীকালীন নম্বৰত দৈনিক এনে হাজাৰ হাজাৰ ফোন আহি আছে।
ভূমিকম্পৰ কেইসপ্তাহমান পাৰ হৈ গ’ল। উদ্ধাৰ অভিযানৰ অন্ত পৰাৰ ওচৰ চাপিছে। অনুমান অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যাই ৩৬ হাজাৰ অতিক্ৰম কৰিছে। তুৰস্কৰ স্বেচ্ছাসেৱী চিকিৎসকৰ দলটোৰ ভিতৰত আছে মনোৰোগ বিশেষজ্ঞ ছুৱেডা দেৱেচি। তেওঁ কয়, “শিশুৰ মনত এই দুৰ্যোগৰ ক’লা দাগ আতৰাবলৈ দীৰ্ঘদিনীয়া চিকিৎসাৰ প্ৰয়োজন। তাৰোপৰি বয়োজ্যেষ্ঠসকলৰ মনৰো যত্ন লোৱা উচিত। সাহায্য শিবিৰত আশ্ৰয় লোৱা এগৰাকী মহিলাই ভূমিকম্পৰ পাছত সম্পূৰ্ণ নিমাত হৈ পৰে। ল’ৰা-ছোৱালীৰ যত্ন লোৱাটো বহু দূৰত, তেওঁ নিজেই খাবলৈ আৰু শুবলৈ অক্ষম। “
ইয়াৰ উপৰিও এতিয়াও তুৰ্কী সীমান্তৰ জৰিয়তে ভূমিকম্পত বিধ্বস্ত ছিৰিয়ালৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰেৰণ কৰা হৈছে। কিন্তু সীমান্ত অঞ্চলৰ অধিকাংশ পথ বন্ধ হৈ থকাৰ বাবে বিদ্ৰোহীৰ অধীনস্থ অঞ্চললৈ যাবলৈ অসুবিধা হৈছে। ৰাষ্ট্ৰসংঘই তুৰ্কীৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সৈতে আলোচনা কৰি সেই পথসমূহ মুকলি কৰিবলৈ অনুৰোধ জনায়। মঙলবাৰে ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে ছিৰিয়া চৰকাৰে এই ক্ষেত্ৰত সেউজ সংকেত দিছে। ভূমিকম্পত প্ৰাণ বাচিলেও কি খায় জীয়াই থাকিব, ক’ত থাকিব তাক লৈ এতিয়া দিশহাৰা হৈ পৰিছে তুৰস্ক আৰু ছিৰিয়াৰ লোকসকল ৷