বিশ্বৰ ৫ কোটিতকৈ অধিক লোক ডিমেনচিয়া ৰোগত আক্ৰান্ত। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। সাধাৰণতে বয়সৰ লগে লগে স্মৃতিশক্তিৰ সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। ডিমেনচিয়া হৈছে সম্পূৰ্ণ বা আংশিক স্মৃতিশক্তি লোপ । আটাইতকৈ সাধাৰণ আৰু নিৰাময় কৰিব নোৱাৰা ডিমেনচিয়াৰ উদাহৰণ হ’ল এলঝেইমাৰ।
ডিমেনচিয়াৰ কাৰণৰ বিষয়ে এতিয়াও নিশ্চিত হোৱা নাই বিজ্ঞানীসকল। কিন্তু লেন্সেটত প্ৰকাশিত আন এক অধ্যয়নত ডিমেনচিয়াৰ ১২টা বিপদজনক কাৰক চিনাক্ত কৰা হৈছে। এই বিপদজনক কাৰকসমূহৰ সমাধান কৰিলে প্ৰায় ৪০ শতাংশ ডিমেনচিয়া ৰোগী প্ৰতিৰোধ বা পলম হ’ব পাৰে বুলি অধ্যয়নটোত কোৱা হৈছে। উচ্চ ৰক্তচাপ, শ্ৰৱণ ক্ষমতাৰ সমস্যা, ধূমপান, অতিৰিক্ত ওজন, মানসিক ক্লান্তি, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, ডায়েবেটিছ, অত্যধিক মদ্যপান, মগজুৰ আঘাত আৰু বায়ু প্ৰদূষণ—এইবোৰে ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
শেহতীয়াকৈ “আমেৰিকান একাডেমী অৱ নিউৰ’লজী”ত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে নিয়মীয়াকৈ তেল মছলাযুক্ত “ফাষ্ট ফুড” খালে ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পায়। চীনৰ টিয়ানজিন বিশ্ববিদ্যালয়ৰ এই অধ্যয়নত ৭২,০৮৩জন ব্ৰিটিছ নাগৰিকৰ চিকিৎসাৰ ৰেকৰ্ড পৰীক্ষা কৰা হৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত আটাইকেইজনৰ বয়স আছিল ৫৫ বছৰ বা তাতকৈ অধিক। কিন্তু তেতিয়া কোনো এজনৰ ডিমেনচিয়া হোৱা নাছিল। ইয়াৰ পিছত গৱেষকসকলে ১০ বছৰ ধৰি তেওঁলোকৰ জীৱন-যাপনৰ ওপৰত চকু ৰাখিছিল। অধ্যয়নৰ শেষত ৫১৮ জন ৰোগীৰ ডিমেনচিয়া ধৰা পৰিছিল।
এই অধ্যয়নত দেখা গৈছে যে যিসকল লোকে এই সময়ছোৱাত অধিক চেনি, নিমখ আৰু চৰ্বিযুক্ত খাদ্য খাইছিল তেওঁলোকৰ ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। লগতে কম প্ৰটিন আৰু আঁহযুক্ত খাদ্য খালে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি কৰা খাদ্যসমূহৰ ভিতৰত আছে শীতল পানীয়, নিমখ আৰু চেনি বেছি থকা ৰাজপথৰ খাদ্য, আইচক্ৰীম, ভজা মাংস, চচ, প্ৰচেছড ব্ৰেড আৰু পেকেজড খাদ্য আদি।