পুনৰ আন এক মৃদু ভূমিকম্পই জোঁকাৰি গ’ল উত্তৰ পূর্বাঞ্চল ৷ আজি দিনৰ ৯ বাজি ২৬ মিনিটত ভূমিকম্পই জোকাৰি যায় অসমসহ উত্তৰ পূর্বাঞ্চল ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.৯ ৷ ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল মেঘালয়ৰ উত্তৰ খাছি পাহাৰ ৷ ভূপৃষ্ঠৰ পৰা ৪৬ কিল’মিটাৰ গভীৰতাত এই ভূমিকম্পটোৰ উৎপত্তি হৈছিল ৷ বিগত ৫ দিনৰ ভিতৰত এইটো হৈছে উত্তৰ পূর্বাঞ্চলত হোৱা তৃতীয়টো ভূমিকম্প ৷ ইয়াৰ পূর্বে ১২ ফেব্ৰুৱাৰী আৰু ১৩ ফেব্ৰুৱাৰীত দুটা ভূমিকম্পই কপাঁই গৈছিল অসমসহ উত্তৰ পূব ৷