ওছামা বিন লাডেন -আয়মান আল জাৱাহিৰীৰ উত্তৰাধিকাৰী বিচাৰি উলিয়াইছে উগ্ৰপন্থী সংগঠন আল কায়দাই। শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি পশ্চিম এছিয়াত সক্ৰিয় উগ্ৰপন্থী নেতা ছাইফ আল আদেলক সংগঠনটো পৰিচালনাৰ দায়িত্ব দিয়া হৈছে।
যোৱা জুলাই মাহত আফগানিস্তানত ড্ৰ’ন আক্ৰমণত জাৱাহিৰীৰ মৃত্যুৰ পিছৰে পৰা আল কায়দাৰ পৰৱৰ্তী নেতাৰ নামক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি জাৱাহিৰীৰ দৰে ইজিপ্তৰ আদেল আল কায়দা আল কায়দাৰ নতুন মুৰব্বী হৈ পৰিছে।
১৯৯০ চনৰ শেষৰ ফালে তাঞ্জানিয়া আৰু আফ্ৰিকাৰ কেনিয়াত আমেৰিকাৰ দূতাবাসৰ ওপৰত আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল আদেল। এই আক্ৰমণত ২২০ জন লোক নিহত হয়। পশ্চিমীয়া সংবাদ মাধ্যমে দাবী কৰিছিল যে তেওঁ ২০০১ চনত নিউয়ৰ্কত সংঘটিত হোৱা ৯/১১ আক্ৰমণৰ বিৰোধী আছিল। অদেলে যুক্তি দিছিল যে আমেৰিকাৰ মূল ভূখণ্ডত আক্ৰমণ কৰিলে তালিবান নিয়ন্ত্ৰিত আফগানিস্তান আল কায়দাৰ পৰা কাঢ়ি নিয়া হ’ব ৷