বিবিচিৰ তথ্যচিত্ৰক লৈ উচ্চতম ন্যায়ালয়ৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। কেৱল সেয়াই নহয়, শেহতীয়াকৈ তেওঁলোকৰ মুখপত্ৰ ‘পাঞ্চজন্যা’ত এটা সম্পাদকীয়ত দাবী কৰা হৈছে যে ভাৰত বিৰোধী শক্তিসমূহে উচ্চতম ন্যায়ালয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। কলেজিয়াম ব্যৱস্থাকে ধৰি কেইবাটাও বিষয়ত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সৈতে উচ্চতম ন্যায়ালয়ৰ মতানৈক্য চলি থকাৰ সময়তে আৰএছএছৰ এই মন্তব্য অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে ৷
২০০২ চনত যেতিয়া নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া সেই ৰাজ্যৰ সংখ্যালঘু লোকৰ অৱস্থাৰ বিষয়ে দুটা ভাগত এখন তথ্যচিত্ৰ প্ৰকাশ কৰিছিল ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে। কিন্তু কেন্দ্ৰীয় চৰকাৰে বিশেষ তথ্য প্ৰযুক্তি আইন প্ৰয়োগ কৰি ইউটিউবকে ধৰি সকলো ছ’চিয়েল মিডিয়াৰ পৰা ‘ইণ্ডিয়া:মোদী কুৱেশ্বনছ” শীৰ্ষক তথ্যচিত্ৰখন আঁতৰোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। সেই গোচৰৰ কেন্দ্ৰৰ পৰা এক প্ৰতিবেদন তলব কৰিছে দেশৰ শীৰ্ষ আদালতে। যদিও মন্ত্ৰীসকলে বিষয়টোৰ ওপৰত কোনো মন্তব্য দিব নিবিচাৰিলেও বিজেপিৰ কেইবাজনো নেতাই বিবিচিক সমালোচনা কৰি কয় যে ব্ৰিটিছ সংবাদ মাধ্যমে দেশক ভেঙুচালি কৰিবলৈ ভুৱা আৰু বিকৃত তথ্য প্ৰদান কৰিছে ৷ বিবিচিৰ তথ্যচিত্ৰখনে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ আদৰ্শৰ ক্ষতি কৰিছে বুলিও চৰকাৰে অৱগত কৰে।
পঞ্চজন্যাৰ সম্পাদক হিতেশ শংকৰে লিখা সম্পাদকীয় প্ৰবন্ধটোত কোৱা হৈছে যে দেশৰ জনসাধাৰণৰ অৰ্থত উচ্চতম ন্যায়ালয়ৰ অস্তিত্ব মূলতঃ দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবেই আছে। কিন্তু দেশৰ গণতন্ত্ৰ আৰু উদাৰতাবাদৰ সুবিধা লৈ ৰাষ্ট্ৰ বিৰোধী শক্তিসমূহে উচ্চতম ন্যায়ালয়ক ব্যৱহাৰ কৰা বুলি প্ৰবন্ধটোত অভিযোগ উত্থাপন কৰা হৈছে। বিবিচিৰ তথ্যচিত্ৰখনকো ‘মিছা আৰু কাল্পনিক’ বুলি উলাই কৰা হৈছে। সম্পাদকীয়টোত লগতে দাবী কৰা হৈছে যে একাংশ ‘সন্ত্রাসবাদী’-এ মানৱ অধিকাৰৰ নাম ব্যৱহাৰ কৰি উচ্চতম ন্যায়ালয়ক ব্যৱহাৰ কৰি দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে৷