মূল্যবৃদ্ধিৰ মাজতে পাকিস্তানে দেশবাসীৰ ওপৰত পুনৰ মাধমাৰ শোধালে ৷ প্ৰথমে নতুন ‘মিনি বাজেট’ আনি কৰৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিয়া হ’ল। ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে বৃহস্পতিবাৰে সমগ্ৰ দেশতে পেট্ৰ’ল আৰু অন্যান্য ইন্ধনৰ মূল্য অভিলেখ হাৰত বৃদ্ধি কৰা হয় ৷ প্ৰায় দেউলীয়া পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দাবী পূৰণৰ বাবে এই পদক্ষেপ লোৱা বুলি কয়।
বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব পেট্ৰ’লৰ নতুন মূল্য। নতুন গাইডলাইন অনুসৰি পাকিস্তানত পেট্ৰ’ল বিক্ৰী হ’ব প্ৰতি লিটাৰত ২৭২ টকা। এবাৰতে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে প্ৰতি লিটাৰত ২২ টকা ২০ পইচা। ইয়াৰ বাহিৰেও প্ৰতি লিটাৰ ডিজেলৰ মূল্য ১৭ টকা ২০ পইচা বৃদ্ধি পাই ২৮০ টকা হৈছে। কেৰাচিনৰ মূল্যও ১২ টকা ৯০ পইচা বৃদ্ধি পাই ২০২.৭৩ টকা প্ৰতি লিটাৰ হৈছে। লাইট ডিজেলৰ মূল্যও বৃদ্ধি পাইছে ৯ টকা ৬৮ পইচা। এতিয়াৰ বাবে এই ডিজেল প্ৰতি লিটাৰত বিক্ৰী হ’ব ১৯৬.৬৮ টকা।
পাকিস্তানক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত আই এম এফে কেইবাটাও চৰ্ত আৰোপ কৰিছে। ইয়াৰে এটা চৰ্ত আছিল পেট্ৰ’লৰ মূল্য বৃদ্ধি। আনহাতে, দেউলীয়া হোৱাৰ পৰা হাত সাৰিবলৈ আই এম এফে পাকিস্তানৰ বাবে বিচৰা বেইলআউটত উপনীত হ’বলৈ হ’লে অহা চাৰি মাহত ১৭ হাজাৰ কোটি অতিৰিক্ত ৰাজহো দেখুৱাব লাগিব। এই চৰ্তক মনত ৰাখি পাকিস্তানে ইতিমধ্যে দেশত নতুন মিনি বাজেট দাখিল কৰিছে। যাৰ বাবে পাকিস্তানৰ জনসাধাৰণৰ ওপৰত বৃহৎ কৰ বোজা জাপি দিছে ৷ বুধবাৰৰ মিনি বাজেটৰ পিছত বৃহস্পতিবাৰে পাকিস্তানত বৃদ্ধি পায় ইন্ধনৰ মূল্য।
ইতিমধ্যে দেশত খাদ্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে ৷ বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে যে কৰৰ বোজা আৰু বৃদ্ধি পোৱা ইন্ধনৰ মূল্যই সঁচাকৈয়ে অহা চাৰি মাহত পাকিস্তানৰ ভৱিষ্যতক সম্বোধন কৰিব।