প্ৰায় ৬০ ঘন্টাৰ অন্তত দিল্লী আৰু মুম্বাইত থকা ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ (বিবিচি) কাৰ্যালয়ত ‘অভিযান’ সম্পূৰ্ণ কৰি ওলাই আহিল আয়কৰ বিভাগৰ বিষয়াসকল। প্ৰায় তিনিদিনৰ অন্তত বৃহস্পতিবাৰে নিশা ঘৰলৈ উভতি আহে ব্ৰিটিছ অপাৰেটৰকে ধৰি মুঠ ১০ জন কর্মচাৰী। আয়কৰ বিভাগে এই ‘জৰীপ’ সন্দৰ্ভত তেওঁলোকৰ মন্তব্য শীঘ্ৰে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷
‘জৰীপ’ৰ শেষত বিবিচিয়ে এটা দীঘলীয়া টুইট পোষ্ট কৰি কয়- ‘আয়কৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইৰ কাৰ্যালয় এৰি গৈছে। আমি তেওঁলোকৰ লগত সহযোগ কৰিম। আশাকৰোঁ এই সমস্যা সোনকালে সমাধান হ’ব৷’ টুইটটোত আৰু লিখা আছিল, ‘আমাৰ অগ্ৰাধিকাৰ হৈছে আমাৰ কৰ্মচাৰীসকলৰ যত্ন লোৱা, যিসকলে ইমান দিনে কাৰ্যভাৰ গ্ৰহণ কৰি আছে বা প্ৰশ্নৰ সন্মুখীন হৈছে। সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ভাৰত আৰু ইয়াৰ বাহিৰৰ দৰ্শকসকলৰ মাজত বাতৰি প্ৰেৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।’ ইয়াত লগতে কোৱা হৈছে, ‘বিবিচি হৈছে এক বিশ্বাসযোগ্য, স্বতন্ত্ৰ সংবাদ মাধ্যম। আমি আমাৰ সহকৰ্মী আৰু সাংবাদিকসকলৰ কাষত থিয় দিছো, যিয়ে ভয় বা পক্ষপাতিত্ব নোহোৱাকৈ বাতৰি প্ৰকাশ কৰে।”
মঙলবাৰে প্ৰায় ১১:৩০ বজাৰ পৰা আৰম্ভ হৈ বৃহস্পতিবাৰে নিশা শেষ হৈছিল আয়কৰৰ জৰীপ । বুধবাৰে পুৱা বিবিচি কৰ্তৃপক্ষই ইমেইল প্ৰেৰণ কৰি কৰ্মচাৰীসকলক এই অভিযানৰ বাবে মানসিকভাৱে প্ৰস্তুত হ’বলৈ কয়। যদিও আৰম্ভণিৰে পৰাই আয়কৰ বিভাগে এই অভিযানক ‘ৰুটিন জৰীপ’ বুলি দাবী কৰিছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি এই সমীক্ষাটো মূলতঃ কৰ ফাঁকি আৰু ট্ৰেন্সফাৰ প্ৰাইচিঙৰ সৈতে জড়িত বিষয়সমূহৰ তদন্তৰ বাবে কৰা হৈছিল। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি আয়কৰৰ বিষয়াসকলে কোম্পানীটোৰ কম্পিউটাৰ আৰু লেপটপত ‘শ্বেল কোম্পানী’, ‘ফাণ্ড ট্ৰেন্সফাৰ’, ‘ফৰেইন ট্ৰেন্সফাৰ’ আদি শব্দ বিচাৰি পাইছে। ইয়াৰ উপৰিও বিবিচিৰ বিত্তীয় লেনদেনৰ সৈতে জড়িত বিভিন্ন ইলেক্ট্ৰনিক আৰু কাগজৰ নথি-পত্ৰ লিপিবদ্ধ কৰা হৈছে।
কিছু সপ্তাহ পূৰ্বে বিবিচিৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন’ত দুটা দশক পূৰ্বে তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত গোধৰা সংঘর্ষ আৰু তাৰ পিছত হোৱা সাম্প্ৰদায়িক হিংসাৰ ওপৰত আলোকপাত কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত আৰম্ভণিৰে পৰা আপত্তি কৰি আহিছে। ইয়াক ‘অপপ্ৰচাৰ’ বুলি অভিহিত কৰি এই তথ্যচিত্ৰখন ঔপনিৱেশিক মানসিকতাৰ পৰাই সৃষ্টি কৰা বুলি দাবী কৰা হৈছিল। যদিও বিবিচিয়ে দাবী কৰিছে যে যথেষ্ট গৱেষণাৰ অন্তত এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে।
জানুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্ৰটোৱে ইউটিউব আৰু টুইটাৰক ছ’চিয়েল মিডিয়াৰ পৰা বিবিচিৰ তথ্যচিত্ৰৰ লিংক আঁতৰাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক আই টি নিয়ম ২০২১ৰ জৰুৰীকালীন ক্ষমতা আৰোপ কৰি কেইবাটাও টুইট প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কংগ্ৰেছকে ধৰি বিৰোধী নেতাসকলে তেতিয়াৰ পৰাই বিষয়টোক ‘চেন্সৰশ্বিপ’ বুলি অভিহিত কৰি আহিছে। মঙলবাৰৰ পৰা বিবিচিৰ কাৰ্যালয়ত আয়কৰ অভিযান আৰম্ভ হোৱাৰ পিছত বিৰোধীয়ে কেন্দ্ৰক “ৰাজনৈতিক প্ৰতিশোধ”ৰ অভিযোগ উত্থাপন কৰে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়েও বিবিচিৰ তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ বাবে কৰা আবেদন খাৰিজ কৰিছিল।