আজি ৰাণী গাইডিনলিউৰ স্মৃতি দিৱস। তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী। তেওঁ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী আৰু ধৰ্মান্তৰকৰণ নীতিৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ নেতৃত্বত এক প্ৰবল সংগ্ৰাম গঢ় লৈ উঠিছিল। ১৯৩২ চনত অসমৰ হাংকম গাঁৱত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ সংঘটিত হয়। ব্ৰিটিছ চৰকাৰে তেওঁক উত্তৰ -পূবৰ সন্ত্ৰাসবাদী আখ্যা দিয়ে আৰু তেওঁক ধৰাই দিওতাক ৫০০ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। চৰকাৰে পিছত তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে কাৰাগাৰতে তেওঁক সাক্ষাৎ কৰি ৰাণী উপাধি প্ৰদান কৰে। স্বাধীনতাৰ পাছত তেওঁ নাগালেণ্ডত সমাজসেৱাৰ কামত জড়িত হৈ পৰে। ১৯৯৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। সংগ্ৰামী নাৰীগৰাকীলৈ আমাৰ প্ৰণাম ।