VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফেটী হার্ট (চৰ্বিযুক্ত হৃদযন্ত্ৰ)ৰ বাবে বৃদ্ধি পাইছে কম বয়সতে হৃদৰোগৰ সম্ভাৱনা, কেনেদৰে বাচি থাকিব এই ৰোগৰ পৰা ??

voicedesk by voicedesk
February 17, 2023
in জীৱন
ফেটী হার্ট (চৰ্বিযুক্ত হৃদযন্ত্ৰ)ৰ বাবে  বৃদ্ধি পাইছে কম বয়সতে হৃদৰোগৰ সম্ভাৱনা, কেনেদৰে বাচি থাকিব এই ৰোগৰ পৰা ??
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

আমাৰ চাৰিওফালে ৩০ বছৰৰ আশেপাশে  হাৰ্ট এটেকত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কৰ্মক্ষেত্ৰত অত্যধিক মানসিক চাপ, মানসিক উত্তেজনা, লগতে ভোক লাগিলে ৰাস্তাৰ কাষত ফাষ্ট ফুড খোৱা, কামৰ সময়ত চিগাৰেট খোৱা আদিৰ দৰে অভ্যাসবোৰৰ লগত অভ্যস্ত হোৱাৰ বাবে ডায়েবেটিছ, থাইৰয়ড, মেদবহুলতা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল-ট্ৰাইগ্লিচাৰাইড আদি ৰোগৰ প্ৰাদুর্ভাৱ বৃদ্ধি পাইছে ৷  এই সকলোবোৰ কাৰণৰ ফলত হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বি জমা হয়। চৰ্বিযুক্ত হৃদযন্ত্ৰৰ দৰে ৰোগে শৰীৰত বাহ লয় ৷

 

ফেটি হাৰ্ট(চর্বিযুক্ত হৃদযন্ত্ৰ) ৰোগ আচলতে কি?

যদিও আমি ফেটি লিভাৰৰ বিষয়ে কম বেছি পৰিমাণে সচেতন, তথাপিও ফেটি হাৰ্টৰ বিষয়টো বহুতেই অজ্ঞাত। হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বিৰ তৰপ জমা হ’বলৈ আৰম্ভ কৰে। যদি এই আৱৰণ বেছি ডাঠ হৈ পৰে তেন্তে শৰীৰৰ ভিতৰত প্ৰদাহ হ’ব পাৰে। আৰু তাৰ বাবেই বিভিন্ন ধৰণৰ শাৰীৰিক অস্বস্তি জড়িত হৈ পৰে। যদি আপোনাৰ চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যা থাকে তেন্তে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত আন আন হৃদৰোগও হ’ব পাৰে।

এই ৰোগৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

খাদ্য আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিলে এই ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। ব্যায়ামৰ ক্ষেত্ৰত আপুনি নিয়মিতভাৱে কিমান কেলৰি জ্বলাই আছে তাৰ হিচাপ ৰাখক। এই ৰোগ মূলতঃ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি একেবাৰে ব্যায়াম নকৰে তেন্তে ফেটি হাৰ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ পিছত খাদ্যৰ কথা ভাবিব লাগিব। ব্যায়াম কৰি জ্বলোৱা কেলৰিতকৈ আপুনি কি বেছি খাইছে? আপুনি নিয়মিতভাৱে প্ৰয়োজনতকৈ বেছি খাদ্য খাই আছেনেকি? যদিহে খাইছে তেতিয়া হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে ।

ফেটি হাৰ্টৰ সমস্যা কেনেকৈ বুজিব?

চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যাৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু চৰ্বিযুক্ত হৃদযন্ত্ৰই হৃদযন্ত্ৰৰ আন আন সমস্যা বৃদ্ধি কৰিব পাৰে। কিন্তু যদি কোনো ফেটি হৃদযন্ত্ৰৰ সমস্যা থাকে তেন্তে চিটি স্কেনত ধৰা পৰে। কিন্তু সাধাৰণতে চিটি স্কেন কৰি চৰ্বিযুক্ত হৃদযন্ত্ৰ পৰীক্ষা কৰা নহয়। অন্য সমস্যা থাকিলে চিকিৎসকে চিটি স্কেন কৰিবলৈ কয়। তেতিয়া চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যা ধৰা পেলাব পাৰি।

Previous Post

ৰাষ্ট্ৰীয় নিৰ্বাচক পদৰ পৰা চেতনৰ পদত্যাগ, ষ্টিং অপাৰেচনৰ জৰিয়তে পোহৰলৈ আনিছিল ভাৰতীয় ক্ৰিকেটাৰৰ গোপন তথ্য

Next Post

ইউটিউবক নেতৃত্ব দিব ভাৰতীয় বংশোদ্ভৱে, নতুন চিইঅ’ৰ দায়িত্ব নীল মোহনক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ইউটিউবক নেতৃত্ব দিব ভাৰতীয় বংশোদ্ভৱে,  নতুন চিইঅ’ৰ দায়িত্ব  নীল মোহনক

ইউটিউবক নেতৃত্ব দিব ভাৰতীয় বংশোদ্ভৱে, নতুন চিইঅ’ৰ দায়িত্ব নীল মোহনক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7