অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল ব্যৱসায়ী ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম তালুকদাৰ ৷ যোৱা নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় শ্বাহ আলম ৷ সোণাপুৰৰ ওচৰত আৰক্ষীৰ গুলীত নিহত হয় দুধর্ষ অপৰাধীটো ৷ দুটাকৈ গুলীয়ে বুকু ভেদি যায় শ্বাহ আলমৰ ৷ আজি নিচেই পুৱা সাতগাও আৰক্ষী চকীৰ বিষয়া হিতেশ বসুমতাৰীয়ে গুলীবিদ্ধ শ্বাহ আলমক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ তেওঁৰ মৃতদেহ বর্তমান হাস্পতালখনৰ মর্গত ৰখা হৈছে ৷ উল্লেখ্য যে পুৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক শ্বাহ আলম আৰু তেওঁৰ সহযোগীয়ে দিন দুপৰতে গুলীয়াই হত্যা কৰাৰ লগতে কেইবা লক্ষাধিক টকা লুটি লৈ যায় ৷ ইয়াৰ পাছত দীর্ঘদিন ধৰি শ্বাহ আলমে আত্মগোপন কৰিবলৈ সক্ষম হৈছিল যদিও অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰে ৷ শেহতীয়াকৈ এদিন পূর্বে নিশা আৰক্ষীয়ে এক অভিযানত লৈ যোৱাৰ সময়তে শ্বাহ আলমে বতাহঘুলিৰ পৰা পলায়ন কৰিছিল ৷ ইয়াৰ পাছতে দুধর্ষ অপৰাধীজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল আৰু আজি পুৱা তেওঁ নিহত হোৱাৰ খবৰ বিয়পি পৰে ৷ এই ঘটনাৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি কয় “মেৰিয়াম-ৱেবষ্টাৰঅভিধান-“দ্য লং আৰ্ম অৱ দ্য ল।: অপৰাধ সংঘটিত কৰা লোকক বিচাৰি উলিওৱাৰ আৰক্ষীৰ ক্ষমতা।“