সন্ধিয়া পদপথলৈ ওলাই গলে আপুনি-মই সকলোৱে পদপথত উপলব্ধ হোৱা বিভিন্ন খাদ্যৰ সোৱাদ লও।কিন্তু এই পদপথত পোৱা সকলো খাদ্য কিমান স্বাস্থ্যসন্মত বা সুৰক্ষিত সেই বিষয়ে আমি কেতিয়াও জানিবলৈ চেষ্টা নকৰো।
সদ্য ভাইৰেল হোৱা এনে এটা ঘটনাই এতিয়া সকলোকে সচকিত কৰি তুলিছে।নৱ প্ৰজন্মৰ অতিকৈ প্ৰিয় পানী পুৰিৰ পানী মচলাত এজন বিক্ৰেতাই নিজৰ প্ৰস্ৰাৱ মিহলি কৰি এতিয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে।
সাধাৰণতে এনে কিছুমান অ-স্বাস্থ্যসন্মত ঘটনা সামাজিক মাধ্যমত প্ৰায়েই দেখা পোৱা যায় যদিও এই ঘটনাটো ঘটিছিল এইখন অসমৰ গুৱাহাটী মহানগৰত।
গুৱাহাটী মহানগৰৰ আঠগাঁও অঞ্চলত সংঘটিত হোৱা এই ঘটনাত এজন পানী পুৰি বিক্ৰেতাই কেনেকৈ পানী পুৰিৰ পানী মচলাত নিজৰ প্ৰস্ৰাৱ মিহলি কৰি সেই পানী মচলা ক্ৰেতাক খাবলৈ আগবঢ়াই দিছে।
চ’ছিয়েল মিডিয়াত বিয়পি পৰা এই ২০ ছেকেণ্ডৰ ভিডিঅ’টোয়ে এতিয়া সকলোকে ভবাই তুলিছে যে আমি ভাল পোৱা এই খাদ্যবোৰত আচলতে কি মিহলি কৰে বা পদপথৰ এই খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে কিমান সুৰক্ষিত।
অৱশ্যে এই ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই আঠগাওঁ আৰক্ষীয়ে এই পানী পুৰি ব্যৱসায়ীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰে।