যোগগুৰু হিচাপে দেশে-বিদেশে সমাদৰ বুটলি আহিছে যোগগুৰু বাবা ৰামদেৱে ৷ সমান্তৰালভাৱে ব্যৱসায়িক ক্ষেত্ৰখনতো সমানে আগবাঢ়িছে বাবা ৰামদেৱ ৷ যোগগুৰুৰ উপৰিও তেওঁ এজন সফল ব্যৱসায়ীও ৷
শেহতীয়াকৈ এক অনুষ্ঠানত যোগগুৰু ৰামদেৱে দাবী কৰে যে তেওঁৰ সময়ৰ মূল্য দেশৰ শীৰ্ষ উদ্যোগপতি সকলতকৈও অধিক। ৰামদেৱে কয় –‘মোৰ সময়ৰ মূল্য আদানী, আম্বানী, টাটা আৰু বীৰলাডতকৈও বেছি।‘ অসংখ্য অনুৰাগীয়ে ভিৰ কৰা এই অনুষঠানত অতিথি হিচাপে উপস্থিত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক।
পিটিআইৰ সূত্ৰ অনুসৰি গোৱাৰ পানাজীত ৰামদেৱৰ সহায়ক আচাৰ্য বালকৃষ্ণক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হৰিদ্বাৰৰ পৰা ৩ দিনৰ বাবে গোৱাত উপস্থিত হৈছে ৰামদেৱ। দেওবাৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সবন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকক অনুষ্ঠানলৈ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়।
এই কাৰ্যসূচীৰ মঞ্চত তেওঁ কয় –“ মোৰ সময় আৰু উদ্যোগপতিসকলৰ মাজত পাৰ্থক্য আছে। উদ্যোগপতি সকলে ৯৯ শতাংশ সময় কেৱল নিজৰ স্বাৰ্থতহে ব্যয় কৰে। কিন্তু মোৰ সময় তেওঁলোকৰ তুলনাত অধিক মূল্যৱান। সাধাৰণ মানুহক ভালদৰে ৰাখিবলৈ মই সময় কটাওঁ।”
এই বিত্তীয় বৰ্ষত ৰামদেৱৰ কোম্পানী ‘পতঞ্জলি’-এ ৪০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে। ৰামদেৱে কয় যে ইয়াৰ আঁৰত আচাৰ্য বালকৃষ্ণই বহুখিনি অৱদান আগবঢ়াইছে। পেছাদাৰী সততা বজাই ৰখা আৰু দায়িত্ব চম্ভালাৰ বাবে এই উপলক্ষে তেওঁ আচাৰ্য বালকৃষ্ণক ধন্যবাদ জনায়। ৰামদেৱে কয় যে ভাৰতক ‘অতি সমৃদ্ধিশালী’ কৰি তুলিবলৈ পতঞ্জলিৰ দৰে আৰু অধিক সংগঠন গঢ়ি তোলাৰ প্ৰয়োজন।
শেহতীয়াকৈ ৰামদেৱৰ বিৰুদ্ধে দেওবাৰে ঘৃণামূলক ভাষণ আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছিল। পিটিআইৰ সূত্ৰ অনুসৰি, ২ ফেব্ৰুৱাৰীত ৰাজস্থানৰ বৰমেৰ জিলাত এক অনুষ্ঠানত মুছলমানক লৈ আপত্তিজনক মন্তব্য কৰিছিল ৰামদেৱে। সন্ত্ৰাসবাদ বিয়পোৱাৰ পৰা আৰম্ভ কৰি হিন্দু নাৰীক অপহৰণ কৰালৈকে তেওঁ মুছলমান জড়িত বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। এই মন্তব্যৰ বাবেই ৰামদেৱৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।