বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই লাভ কৰিছে নতুন সুখ্যাতি ৷ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীক ইউনিচেফ ইণ্ডিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ ইউনিচেফৰ শিশু অধিকাৰ বিভাগৰ নতুন মুখ হিচাপে ইউনিছেফে তেওঁৰ নাম ঘোষণা কৰে ৷ শিশুৰ বাবে কল্যাণমূলক কাম কৰাৰ সুযোগ পাই তেওঁ সুখী বুলি অনুষ্ঠানত প্ৰকাশ কৰে ৷
এই সন্মান আৰু দায়িত্ব শনিবাৰে ইউনিচেফ ইণ্ডিয়াৰ এক অনুষ্ঠানত বলীউডৰ অভিনেতাগৰাকীক প্ৰদান কৰা হয়। আয়ুষ্মানে বিগত দুবছৰ ধৰি সংস্থাটোৰ সৈতে চেলিব্ৰিটি এডভোকেট হিচাপে কাম কৰি আহিছে। ইয়াৰ পিছত তেওঁক ৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূতৰ সন্মান প্ৰদান কৰা হয়। নতুন দায়িত্ব লাভ কৰাৰ লগে লগে আয়ুষষ্মানে কয় –“ শিশুৰ অধিকাৰৰ বাবে কাম কৰাৰ সুযোগ পাই মই অতিশয় আনন্দিত হৈছো। যোৱা দুবছৰ ধৰি মই ইউনিচেফৰ বাবে শিশু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছো। মই তেওঁলোকৰ বাবে ইণ্টাৰনেট সুৰক্ষা, চাইবাৰ অপৰাধ, মানসিক স্বাস্থ্য, লিংগ বৈষম্য আদি বিভিন্ন বিষয়ত কাম কৰিছো। মোৰ নতুন ভূমিকাত সেইখিনি আৰু অধিক কৰিব পাৰিম বুলি আশা কৰিলোঁ। বিশেষকৈ যিসকল অলপ পিছ পৰি আছে আৰু অধিক সহায়ৰ প্ৰয়োজন হৈছে তেওঁলোকৰ বাবে কাম কৰিবলৈ মই আগ্ৰহী।”
অভিনেতা আয়ুষ্মান খুৰানাই ২০১২ চনত বলীউডত প্ৰৱেশ কৰিছিল। সুজিত সৰকাৰৰ পৰিচালনাত নিৰ্মিত ‘বিকি ড’নাৰ’ ছবিৰে অভিনেতাগৰাকীয়ে অভিষেক ঘটায়। বলীউডৰ পৰম্পৰাগত নায়ক নহয়, এক সুকীয়া ধাৰাৰ অভিনেতা হিচাপে আৰম্ভণিৰে পৰাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে আয়ুষ্মানে। অভিনেতা হিচাপে মাত্ৰ ১০ বছৰত তেওঁ বলীউডৰ এই প্ৰজন্মৰ প্ৰতিভাৱান অভিনেতাসকলৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ নাম। এইবাৰ তেওঁ মানৱীয় কামত সমান মনোযোগ দিব বিচাৰিছে। আয়ুষ্মানে ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা ইউনিচেফৰ চেলিব্ৰিটি এডভোকেট হিচাপে কাম কৰি আহিছে। বিগত দুবছৰ ধৰি শিশুৰ ওপৰত হোৱা হিংসা, শিশু শ্ৰমিকৰ দৰে বিষয়ত কাম কৰি আহিছে অভিনেতাগৰাকীয়ে। এইবাৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত হিচাপে তেওঁ সেই কামৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছে বুলি আয়ুষ্মানে কয়।