জিলাখনৰ বিদ্যালয় শিক্ষাৰ উত্তৰণ তথা সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ লক্ষ্য আগত ৰাখি আজি সমগ্ৰ শিক্ষা, কামৰূপৰ উদ্যোগত আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সকলৰ লগত এখন গুৰুত্বপূৰ্ণ শৈক্ষিক সভা অনুষ্ঠিত হয়।
কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণেৰে আৰম্ভ কৰা উক্ত সভাত বিধায়িকা নন্দিতা দাস, বিভিন্ন সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, প্ৰাক্তন পি.চি.চি.এফ. এম.চি. মালাকাৰৰ লগতে জিলাখনৰ প্ৰায় দুই শতাধিক বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি সকল উপস্থিত থাকে। নিজৰ আদৰণি ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি সকলক তেওঁলোকে নেতৃত্ব প্ৰদান কৰা বিদ্যালয় সমূহৰ সামগ্ৰিক শৈক্ষিক উত্তৰণৰ দিশত উদ্ভাৱনীমূলক দৃষ্টিভংগীৰে পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ লগতে বিদ্যালয়ৰ উন্নতিকল্পে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক জড়িতকৰণ, সমাজ ব্যৱস্থা জড়িতকৰণ, বিদ্যাঞ্জলি আচঁনিৰ জৰিয়তে বিদ্যালয়ৰ লাগতিয়াল সামগ্ৰী প্ৰদান, বিজ্ঞান শিক্ষাৰ উত্তৰণ, প্ৰাক্তন কৃতী শিক্ষকক বিদ্যালয় পৰিচালনা তথা শৈক্ষিক উত্তৰণত জড়িতকৰণ, বাল্য বিবাহৰ বিপৰীতে উপযুক্ত সজাগতা, ছাত্ৰ-ছাত্ৰী সকলৰ বেংকৰ একাউন্ট, আধাৰ কাৰ্ডৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয়ৰ প্ৰতি ধাউতি বৃদ্ধিকৰণত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত বিদ্যালয়ৰ সভাপতি সকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত আলোকপাত কৰি বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক-মানসিক উত্তৰণৰ পৰিকল্পনা যুগুতকৰণ, শৈক্ষিক সমলৰ সংৰক্ষণ, হাতেলিখা আলোচনী, প্ৰন্থাগাৰ, বিদ্যালয়ৰ উন্নয়নৰ লক্ষত উপনীত হোৱাৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী সকলৰ উশৃংখলতা ৰোধ, বিদ্যালয়লৈ আবন্টিত ধনৰ সঠিক ব্যৱহাৰৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। মূলত শৈক্ষিক দিশৰ উত্তৰণৰ পৰিকল্পনা যুগুত কৰাৰ লক্ষ্যৰে আয়োজিত শৈক্ষিক সভাখনত বিভিন্ন বিদ্যালয় পৰা অহা সভাপতি সকলৰ ফালৰ পৰাও বিদ্যালয়ৰ বিভিন্ন সমস্যা দাঙি ধৰি বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়৷ সভাত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই শলাগৰ শৰাই প্ৰদান কৰি বিদ্যালয় পৰিচালনা সমিতি সমূহে পালন কৰিব লগীয়া কেইবাটাও বিষয়ৰ ওপৰত পৰামৰ্শ আগবঢায় ৷