আজি আধুনিক হিন্দী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি সূৰ্যকান্ত ত্ৰিপাঠী নিৰালাৰ ওপজা দিন । ১৮৯৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেছিডেন্সীৰ মিডনাপুৰত তেওঁৰ জন্ম হৈছিল। তেওঁ আছিল এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ তথা নিবন্ধকাৰ । সৰোজ স্মৃতি, ৰাম কী শক্তিপূজা, অপ্সৰা, চতুৰী চম্বৰ আদি তেওঁৰ প্ৰকাশিত পুথি । ভাৰত চৰকাৰে তেওঁৰ সন্মানাৰ্থে ১৯৭৬ চনত এটা ডাক টিকট মুকলি কৰে। সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম।