পাকিস্তানত হিজবুল মুজাহিদীনৰ অন্যতম নেতা বছিৰ আহমদ পীৰ ওৰফে ইমতিয়াজ আলমক গুলীয়াই হত্যা কৰা হৈছে। তেওঁক হিজবুলৰ ‘লঞ্চিং কমাণ্ডাৰ’ বুলি অভিহিত কৰা হৈছিল। বছিৰৰ বিৰুদ্ধে কাশ্মীৰত বহু সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। সোমবাৰে সন্ধিয়া ইছলামবাগৰ ৰাৱালপিণ্ডিত এখন দোকানৰ বাহিৰত আলমক গুলীয়াই হত্যা কৰা হয়।
পাঁচ মাহ পূৰ্বে অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে আলমক ‘সন্ত্রাসবাদী’ বুলি ঘোষণা কৰিছিল। কাশ্মীৰতো তেওঁক ধৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু বছিৰে কাশ্মীৰৰ কুপৱাৰা ঘৰ এৰি পাকিস্তানত থাকিবলৈ আৰম্ভ কৰে। তেওঁ ভাৰতীয় চোৰাংচোৱাৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈছিল।
২০০০ চনৰ পৰা আলম উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। কিন্তু তেওঁ মূলতঃ পাকিস্তানৰ পৰা কাম কৰিছিল। চোৰাংচোৱা সূত্ৰৰ মতে, হিজবুলৰ মুৰব্বী চৈয়দ চালাহুদ্দিনৰ ঘনিষ্ঠ তথা হিজবুল উগ্ৰপন্থীৰ থাৰ্ড ইন কমাণ্ড হিচাপে পৰিচিত এই উগ্ৰপন্থী নেতাই শেহতীয়াকৈ ভাৰতলৈ নতুন উগ্ৰপন্থী প্ৰেৰণ আৰু গোটটোত উগ্ৰপন্থীক নিযুক্তি দিয়াৰ বাবে দায়বদ্ধ আছিল। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ পাকিস্তানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু ধন সৰবৰাহৰ দায়িত্বত আছিল আলম।
যোৱা বছৰৰ অক্টোবৰ মাহত দিল্লীয়ে আলম সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছিল। তেওঁলোকে কয় যে আলমে পুৰণি উগ্ৰপন্থীক একেলগে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। লগতে প্ৰাক্তন সন্ত্ৰাসবাদী আৰু কেডাৰক সংগঠিত কৰিবলৈ অনলাইন প্ৰচাৰ আৰম্ভ কৰিছিল ৷ ২০১৯ চনৰ মে’ মাহত আলমে কাশ্মীৰত আল কায়দা উগ্ৰপন্থী সংগঠনৰ এটা শাখাৰ মুখ্য সেনাপতিক হত্যা কৰাৰ অভিযোগো উত্থাপন হৈছিল।