কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত দুদিনীয়া কাৰ্যসুচীৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন উন্নয়ণমূলক দিশ সম্পৰ্কে আলোচনা কৰিবৰ বাবে ৰাজ্যৰ মন্ত্ৰীসকল আৰু জিলা উপায়ুক্ত সকলৰ সন্মিলনত ভূমি সংক্ৰান্তীয় বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰাপ্ত তথ্য মতে ভূমি সংক্ৰান্তীয় বিভিন্ন বেমেজালিৰ সমাধানৰ বাবে চৰকাৰে “মিছন বসুন্ধৰা” নামৰ এক অভিযান হাতত লয়।
উল্লেখ্য যে এই অভিযান সম্পৰ্কে পৰৱৰ্তী সময়ত সবিশেষ অৱগত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। আনহাতে বিভিন্ন সমস্যাৰ বাবে সাধাৰণ জনতাই যাতে উপায়ুক্তৰ কাৰ্যালয় নতুবা সচিবালয়লৈ নহাকৈ প’ৰ্টেল অথবা ছেল্ফ চাৰ্টিফিকেচনৰ জৰিয়তে নিজৰ সমস্যা সমূহ সমাধান কৰিব পাৰে সেই বিষয়েও আলোচনা কৰা হয় এই বৈঠকত।
ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সমূহ নিৰ্দিষ্ট সময়ত লক্ষ্যত উপনীত কৰা তথা জিলা উপায়ুক্ত পৰ্যায়ত প্ৰশাসনত থকা মানৱ সম্পদ অথবা বিত্তীয় সমল সম্পৰ্কীয় সকলো সমস্যাৰ কথা এই সন্মিলনত সবিস্তাৰে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰীয়ে সংবাদমহলৰ আগত জনোৱা মতে ৰাজ্যত আৰক্ষীয়ে লোৱা ব্যৱস্থা সমূহৰ লগত সাধাৰণ প্ৰশাসনে কিদৰে একেলগে কাম কৰিব পাৰে , সেই সম্পৰ্কে আলোচনা কৰা হয় উক্ত বৈঠকত। মন্ত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলে বিভাগৰ আঁচনিসমূহ জিলা উপায়ুক্ত সকলৰ আগত দাঙি ধৰে।
উল্লেখ্য যে এই সন্মিলনখনত হোৱা আলোচনাসমূহ ৰাজ্যৰ বাবে অতিকে ফলদায়ক বুলি অভিহিত কৰা হয় । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ইয়াৰ পৰৱৰ্তী অধিবেশন অনুষ্ঠিত কৰা হ’ব তেজপুৰত।