কোটিপতি মুকেশ আম্বানীৰ ঘৰত অনুষ্ঠান মানেই বলীউডৰ তাৰকা, ভাৰত আনকি বিশ্বৰ শীৰ্ষ উদ্যোগপতিৰ ভিৰ দেখা যায় ৷ যোৱা১৯ জানুৱাৰীত এন্টিলিয়াত মুকেশৰ কনিষ্ঠ পুত্ৰ অনন্ত আৰু এংকৰ হেল্থকেয়াৰৰ চিইঅ’ বিনোদ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বাগদান অনুষ্ঠিত হয়। ইয়াৰ লগে লগে মুকেশ আম্বানীৰ একমাত্ৰ কন্যা ঈশাৰ বিয়াৰ স্মৃতি পুনৰ ওভতি আহিছে ৷
১২ ডিচেম্বৰ, ২০১৮। ঈশা আৰু ব্যৱসায়ী আনন্দ পিৰামলৰ বিয়াৰ বাবে সজাই পৰাই তোলা হৈছিল এন্টিলিয়া। ব্যয়বহুল এই বিবাহ অনুষ্ঠানত দৰা-কইনা তথা পৰিয়ালৰ লোকসকলে পৰিধান কৰা পোছাক আছিল অত্যন্ত দামী ৷ মুকেশ আম্বানীৰ কন্যাই বিয়াৰ দিনা পৰিধান কৰা পোছাকৰ দাম শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ আনকি ঈশাৰ সাজ-পোছাকত চকু কপালত তুলিছিল বলীউডৰ ডাঙৰ তাৰকাসকলৰো। কাৰণ, ঈশাই বিয়াৰ দিনা পিন্ধিছিল ৯০ কোটি টকাৰ লেহেংগা। বলীউডৰ কোনো অভিনেত্ৰীয়ে বিয়াৰ সাজত ইমান কোটি টকা খৰচ কৰা নাই। কিন্তু, ঈশাৰ বিয়াৰ লেহেংগা এনেকি ৰত্নেৰে বনোৱা হৈছিল যে ইয়াৰ দাম ৯০ কোটি নির্ধাৰণ কৰা হৈছিল ৷
কেইবাটাও সংবাদ সংস্থাই দাবী কৰিছে যে ঈশাই বিয়াত পিন্ধা লেহেংগাত হীৰা খচিত কৰা হৈছিল ৷ লেহেংগাত ব্যৱহাৰ কৰা হৈছিল সোণ ৷ ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলাই বিশেষভাৱে ডিজাইন কৰিছিল বহু ৰঙৰ লেহেংগা। জৰ্দোছি পাৰ ক্ৰাফ্ট কৰা লেহেংগাৰ ওপৰত মুকাইছ আৰু নাক্ষিৰ পৰম্পৰা জিলিকি উঠিছিল।
খাকী ৰঙৰ লেহেঙাৰ ওপৰত এম্ব্ৰয়ডাৰীৰ কামো বৰ ধুনীয়া। নেটিজেনৰ এটা অংশই হাতেৰে এম্ব্ৰয়ডাৰীৰ এই নিপুণ কামৰ বাবে পোছাক প্ৰস্তুতকাৰীসকলকসকলক প্ৰশংসা কৰে। লেহেংগাত সুক্ষ্ম ফুলৰ ডিজাইনে সকলোকে আকর্ষিত কৰিছিল ৷ বহুতে দাবী কৰে যে আবু আৰু সন্দীপেও এই কাম কৰিবলৈ বহুমূলীয়া ৰত্ন ব্যৱহাৰ কৰিছিল। লেহেঙাৰ লগত দুপট্টা দুই প্ৰকাৰ আছিল। লেহেঙাৰ লগত মিলাবলৈ এটা দুপট্টা ঘিৰ ৰং কৰা হৈছিল। আনখন দুপাট্টা চেকুইনৰ কামেৰে গাঢ় ৰঙা ৰঙত প্ৰস্তুত কৰা হৈছিল ৷
ঈশাৰ বিয়াৰ সাজযোৰৰ মূল আকৰ্ষণ আছিল ওৰণিখন। ৩৫ বছৰ পূৰ্বে যেতিয়া ঈশাৰ মাতৃ নীতাৰ বিয়া হৈছিল তেতিয়া তেওঁ সাজ-পোছাক হিচাপে শাৰী বাছি লৈছিল। বিয়াৰ সময়ত ঈশাই লেহেংগাৰ লগত যি ওৰণি পিন্ধিছিল সেইখন আছিল নীতাৰ বিয়াৰ শাৰী। আবু আৰু সন্দীপে শাৰীখন কাটি ওৰণিখন প্ৰস্তুত কৰিছিল ৷ বিভিন্ন সংবাদ সংস্থাৰ সূত্ৰৰ তথ্য অনুসৰি ঈশা আৰু আনন্দৰ বিয়া উপলক্ষে ৮২৭ কোটি ৬২ লাখ ১০ হাজাৰ টকা ব্যয় হৈছিল
পপ তাৰকা বিয়ন্সে, শীর্ষ ৰাজনৈতিক নেত্ৰী হিলাৰী ক্লিণ্টন, আৰিয়ানা হাফিংটন, নিক জ’নাছৰ দৰে তাৰকা উপস্থিত আছিল বিবাহ অনুষ্ঠানত। ইয়াৰ উপৰিও ঈশা-আনন্দৰ বিয়াত অমিতাভ বচ্চন, প্ৰিয়ংকা চোপ্ৰা, শ্বাহৰুখ খানকে ধৰি বলীউডৰ আন তাৰকাসকল উপস্থিত আছিল।
বিয়াত নিমন্ত্ৰিত অতিথিসকলৰ বাবে মুম্বাইত পাঁচখন বিলাসী হোটেল বুকিং কৰিছিল মুকেশে। অতিথিসকলৰ যাতায়তৰ সুবিধাৰ বাবে ১০০খন বিমানৰ ব্যৱস্থা কৰা হৈছিল। মুম্বাইত বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰাজস্থানৰ উদয়পুৰত বিবাহৰ পূৰ্বে আন এক অনুষ্ঠানঅনুষ্ঠিত হয়। আনকি, বিবাহ উপলক্ষে ক’ত অনুষ্ঠান অনুষ্ঠিত হ’ব সেই বিষয়ে জনাবলৈ এটা এপ তৈয়াৰ কৰা হৈছিল।