পুৰীৰ জগন্নাথ মন্দিৰৰ ফাট! আৰ টি আইৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মন্দিৰটোৰ পুণৰ নির্মাণৰ কাম চলি থকাৰ পিছতো এতিয়াও ফাট মেলি আছে। যাক লৈ চর্চা আৰম্ভ হৈছে ৷ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ ভূমিকাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে।
আৰ টি আই কৰ্মী হেমন্তকুমাৰ পাণ্ডাই কয়, ‘২০১৭-১৮, ২০১৮-১৯, ২০১৯-২০ বিত্তীয় বৰ্ষত মন্দিৰৰ সংস্কাৰৰ কাম কৰা হৈছিল। কিন্তু এতিয়াও ফাট ৰৈ গৈছে । যিটো এ এছ আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।ইয়াৰ পৰা স্পষ্ট যে সংস্কাৰৰ কাম কেৱল কাগজেৰেহে কৰা হৈছিল ৷ নটমণ্ডপ নিৰাপদ হয় নে নহয় আমি নাজানো। জগন্নাথ ভক্তসকলক এই বিষয়ে অৱগত কৰাটো প্ৰয়োজন।“
২০১৯ চনত ওড়িশা উচ্চ ন্যায়ালয়ে এ এছ আইৰ সঞ্চালক প্ৰধানক ৪ মাহৰ ভিতৰত মন্দিৰৰ নটমণ্ডপ সংস্কাৰৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। ২০২২ চনৰ নৱেম্বৰ মাহত এ এছ আই আৰু আই আই টি চেন্নাইৰ বিশেষজ্ঞসকলে মন্দিৰৰ ফাটবোৰ পৰীক্ষা কৰে। ইয়াৰ পূৰ্বে সেই বছৰৰ ১৭ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মন্দিৰৰ ফাটবোৰ পৰীক্ষা কৰিছিল এমিকাছ কিউৰীয়ে ৷
এ এছ আইৰ সূত্ৰ অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত নটমণ্ডপৰ সংস্কাৰৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। কিন্তু যোৱা ৫ বছৰত যি মেৰামতিৰ কাম কৰিব পৰা নগ’ল, এই কেইমাহমানত কেনেকৈ সম্ভৱ হ’ব? ইয়াক লৈ মন্দিৰৰ ভক্তসকলে উদ্বেগ প্ৰকাশ কৰিছে।