দিল্লীৰ আৱকাৰী নীতিক লৈ হোৱা সৃষ্টি হোৱা বিতর্কৰ এতিয়াও ওৰ পৰা নাই ৷ বৰঞ্চ অধিক সমস্যাৰ দিশে আগবাঢ়িছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী ৷ অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে চিবিআইক ‘ফিডবেক ইউনিট’ৰ জৰিয়তে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে চিবিআইয়ে ‘ফিডবেক ইউনিট’ৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগত উপ-মন্ত্ৰী ছিছ’ডিয়া আৰু অন্যান্য বিষয়াৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰাৰ অনুমতি বিচাৰিছিল।
দিল্লী চৰকাৰে ২১ ফেব্ৰুৱাৰীত ‘ফিডবেক ইউনিট’ গঠন কৰে। অভিযোগ কৰা হৈছে যে ইউনিটটোৱে ২৭ ফেব্ৰুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বিৰোধীৰ ওপৰত চোৰাংচোৱা আৰম্ভ কৰিছিল। এই ইউনিটটো সৃষ্টি কৰাৰ আগতে লেফটেনেণ্ট গৱৰ্ণৰৰ পৰা কোনো অনুমতি পোৱা নাছিল ৷
চিবিআইয়ে দাবী কৰিছে যে কেজৰিৱাল চৰকাৰে সৃষ্টি কৰা ‘ফিডবেক ইউনিট’ৰ জৰিয়তে ৰাজনৈতিক নেতাসকলৰ ওপৰত চোৰাংচোৱা আৰু চোৰাংচোৱাগিৰি অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ ১২ জানুৱাৰীত চিবিআইয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰে। দুৰ্নীতিৰ অভিযোগত ছিছ’ডিয়াৰ বিৰুদ্ধে হোৱা এটা গোচৰৰ দ্বাৰা লেফটেনেণ্ট গৱৰ্ণৰগৰাকীক তদন্তলৈ আগবাঢ়ি যাবলৈ অনুমতি বিচৰা হৈছিল। এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চিবিআইক চিছ’ডিয়াৰ বিৰুদ্ধে তদন্তৰ বাবে সেউজ সংকেত প্ৰদান কৰে।
দিল্লীৰ নতুন আবকাৰী নীতিক লৈ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে চৰকাৰৰ বিবাদৰ সৃষ্টি হৈছিল ৷ দিল্লীত সুৰা বিক্ৰী কৰাৰ সকলো দায়িত্ব চৰকাৰে গ্ৰহণ কৰি সুৰা ব্যক্তিগতভাৱে বিক্ৰীৰ অনুমতি দিছিল ৷ কিন্তু লেফটেনেণ্ট গৱর্নৰে নতুন নীতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি চি বি আইৰ তদন্তৰ নিৰ্দেশ দিয়ে। হেঁচাত পৰি নতুন আবকাৰী নীতি প্ৰত্যাহাৰ কৰা হয়।