ৰাতিপুৱা গ্ৰহণ কৰা আহাৰৰ ওপৰতে আপোনাৰ দিনটো কেনেদৰে পাৰ হ’ব সেয়া নির্ভৰ কৰে ৷ পুষ্টিবিদসকলৰ মতে ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। তাৰ পিছত গোটেই দিনটো নাখালেও কোনো অসুবিধা নহয়। কিন্তু ৰাতিপুৱা পেট খালী ৰাখিব নালাগে ৷ দীৰ্ঘদিন পুৱা খাদ্য গ্ৰহণ নকৰিলে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল খাদ্য খোৱাই নহয়, কি খাদ্য গ্ৰহণ কৰিব সেয়াও অতি প্ৰয়জনীয় ৷ খালী পেটত নিজৰ ইচ্ছামতে সকলো খাদ্য খাব নোৱাৰি। যদি খায় তেন্তে ফলাফল ওলোটা হ’ব পাৰে। পুৱাৰ আহাৰে আপোনাক দিনটো অস্বস্তিত ৰাখিব পাৰে ৷ ৰাতিপুৱা খালী পেটত কি কি খাদ্য খাব নালাগে?
ফলৰ ৰস
বহুতে ৰাতিপুৱা ডাইনিং টেবুলত বহি প্ৰথমে এগিলাচ ফলৰ ৰসত চুমুক দিয়ে। বহুতে ইয়াক এক প্ৰকাৰৰ ডিটক্স ড্ৰিংক হিচাপে খায়। কিন্তু খালী পেটত এনেধৰণৰ পানীয় সেৱন কৰিলে পাচনতন্ত্ৰৰ অসুবিধা হ’ব পাৰে। গতিকে কিছু খাদ্য খোৱাৰ পিছত ফলৰ ৰস খোৱাই ভাল।
নেমুৰ পানী
বহুতে ওজন কমাবলৈ খালী পেটতে নেমুৰ মৌৰ পানী খায়। এই পানীয়ই শৰীৰৰ পৰা সকলো ক্ষতিকাৰক পদাৰ্থ আঁতৰাই পেলায়। কিন্তু নিয়মিতভাৱে খালী পেটত নেমুৰ ৰস সেৱন কৰিলে বুকু জ্বলা পোৰা ৰোগৰ সৃষ্টি কৰিব পাৰে। আপুনি পাচনতন্ত্ৰৰ বিকাৰতো ভুগিব পাৰে।
অতিৰিক্ত প্ৰটিন
শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰটিন সমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ চিকিৎসকে দিয়ে। বহুতে প্ৰতিদিনে পুৱা প্ৰটিন সমৃদ্ধ খাদ্য যেনে চচ্চেজ আৰু কণী খায়। কিন্তু প্ৰতিদিনে একে সময়তে প্ৰটিন খোৱাৰ অভ্যাসে গেছ, হাৰ্টবাৰ্ণ, পেট ফুলা, কোষ্ঠকাঠিন্য আদি বিভিন্ন শাৰীৰিক ৰোগৰ সৃষ্টি কৰিব পাৰে।