কথমপি এক ভয়াৱহ দূর্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়া বিমানৰ যাত্ৰী ৷ তেলৰ টেংকিত ফুটা হোৱাৰ বাবেই ৩০০ যাত্ৰীসহ এয়াৰ ইণ্ডিয়াৰ বিমানখনে ছুইডেনৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। আমেৰিকাৰ নেৱাৰ্ক বিমানবন্দৰৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল বিমানখনে। কিন্তু সমস্যা আৰম্ভ হয় যেতিয়া বিমানখনৰ তেল টেংকিৰ পৰা ইন্ধন নির্গত হ’বলৈ আৰম্ভ কৰে ৷
সূত্ৰ অনুসৰি বয়িং ৭৭৭-৩০০আৰ বিমানখনৰ এটা ইঞ্জিনত তেল টেংকিত ইন্ধন নির্গত হোৱাৰ বাবে সমস্যা হৈছিল। ইয়াৰ পিছত ষ্টকহ’মৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ অনুমতি বিচৰা হয়। বিমানখনৰ ৩০০ যাত্ৰী আটাইকেইজনেই নিৰাপদ বুলি জানিব পৰা গৈছে।
ষ্টকহ’মত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত আছিল। অৱতৰণৰ সময়ত যিকোনো দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ সঁহাৰি দল এটাও উপস্থিত আছিল। কিন্তু কোনো সমস্যা নাছিল, এয়াৰ ইণ্ডিয়াৰ বিমানখনে ৩০০ যাত্ৰী লৈ নিৰাপদে ষ্টকহ’মৰ মাটি স্পৰ্শ কৰিছিল।
জানিব পৰা মতে টেংকাৰত লিকেজৰ বাবে তেল ওলাই আহিছিল। লগে লগে বিমানখনৰ ইঞ্জিন বন্ধ কৰি দিয়া হয়। অৱতৰণ কৰাৰ পিছত পৰীক্ষাত দেখা গ’ল যে বিমানখনৰ দুই নম্বৰ ইঞ্জিনৰ তেল টেংকৰ পৰা তেল লিক হৈ আছে।ইতিমধ্যে এই সমস্যা ঠিক কৰা হৈছে। যোৱা সোমবাৰেও নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে লণ্ডনত জৰুৰীকালীন অৱতৰণ কৰে।