একেবাৰে শিশু কালত আৰু বৃদ্ধা অৱস্থাত যি কোনো কথা মনত ৰাখিবলৈ টান হয় । শৈশৱ কালত মনত ৰাখিব নোৱাৰাৰ কাৰণ বোৰ হ’ল- এই বয়সত দেহ , মন আৰু মগজুৰ পূৰ্ণ বিকাশ নহয়। মগজুৰ পূৰ্ণ বিকাশ হ’লেহে মগজুত স্মৃতি ধৰি ৰাখিব পাৰি। শিশুৱে সাধাৰণতে তিনি বছৰ হ’লেহে ভালকৈ কথা পাতিব পাৰে। তাৰ আগৰ সময়ছোৱাত স্মৰণ শক্তি কম হৈ থাকে। ঠিক সেইদৰে বৃদ্ধকালত মগজু আৰু স্নায়ু বহু পৰিমাণে দুৰ্বল হৈ পৰাৰ ফলত বা বিভিন্ন কাৰণত স্নায়ুকোষ নষ্ট হোৱাৰ ফলত যি কোনো কথা মনত ৰাখিবলৈ টান হয়। তদুপৰি ৬০/৭০ বছৰ বয়সত স্মৰণ শক্তি হৃাস হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি ক’ব পাৰি। অৱশ্যে বৃদ্ধ বয়সতো উপযুক্ত খাদ্যৰ দ্বাৰা স্মৰণ শক্তি বৃদ্ধি কৰিব পাৰি বা অটুট ৰাখিব পাৰি।জানো আহকচোন এই খাদ্য সমূহৰ বিষয়ে-
ব্ৰাহ্মী শাক , মানিমুনি , টেঙেচি টেঙা , গোমধান , বেল , কাঞ্চন পাত ( ঘিউত ভাজি) , পচতীয়াৰ পাত , আমলখি আদি খালেও স্মৰণ শক্তি বাঢ়ে।
ইয়াৰ উপৰিও মৰিচা শাক , পূৰৈ শাক , নহৰু , শুকান নাৰিকল , কেঁচা নাৰিকল , বিন , ৰঙালাউৰ আগ , মহানিমৰ পাত , চজিনা , বকফুল আদিত যথেষ্ট পৰিমাণে ফছফৰাছ থকা বাবে এই খাদ্যবোৰ খালেও স্মৃতি শক্তি বৃদ্ধি হয়। তদুপৰি মিথিত থকা লেচিথিন (Lacithin) নামৰ পদাৰ্থই স্মৰণ শক্তি বৃদ্ধি কৰাত সহায় কৰে।
গতিকে খোৱা খাদ্যত আমি যত্নবান হ’লে বৃদ্ধ বয়সত স্মৃতি শক্তি বৃদ্ধি কৰি পাহৰি যোৱা ৰোগ Alzhaimer” হোৱাৰ পৰা পৰিত্ৰান পাই সুন্দৰ ভাৱে জীৱন অতিবাহিত কৰিবলৈ সক্ষম হ’ব পাৰো।