ক্ৰমান্বয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা আতৰি গৈছে গৌতম আদানী। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথমবাৰৰ বাবে ২৫ জনৰ ভিতৰৰ পৰা বাহিৰ হ’ল ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ’ হিচাপে পৰিচিত এইজন উদ্যোগপতি! বহু বজাৰ বিশেষজ্ঞৰ মতে আমেৰিকাৰ বিত্তীয় সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনেই আদানীৰ ‘অৱনতিৰ’ প্ৰধান কাৰণ।
ব্লুমবাৰ্গৰ বিলিয়নাৰ সূচাংক অনুসৰি বৰ্তমান বিশ্বৰ ধনী লোকৰ তালিকাত আদানীৰ স্থান হৈছে ২৯ নম্বৰ । তেওঁৰ মুঠ সম্পত্তিৰ আনুমানিক মূল্য ৪,২৭০ কোটি ডলাৰ (প্ৰায় ৩ লাখ ৫৩ হাজাৰ কোটি টকা)। এই ভাৰতীয় কোটিপতিগৰাকীয়ে ২৫ জানুৱাৰীত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থান দখল কৰিছিল। ব্লুমবাৰ্গৰ বিলিয়নাৰ সূচাংক অনুসৰি ২৫ জানুৱাৰীত সন্ধিয়া ৫ বজাত আদানীৰ সম্পত্তিৰ মূল্য আছিল ১১৯ বিলিয়ন ডলাৰ (প্ৰায় ৯ লাখ ৮৫ হাজাৰ কোটি টকা)।
ইয়াৰ পিছত আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ বিতৰ্কিত প্ৰতিবেদন প্ৰকাশ পায়। য’ত কোম্পানীয়ে আদানীয়ে বক্ৰ পথেৰে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। যাৰ বাবে আদানী কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাবলৈ ধৰিলে। বুধবাৰে ফৰ্বছৰ ‘ৰিয়েল টাইম বিলিয়নাৰ’ৰ তালিকাত আদানীক আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ২৬ নম্বৰ স্থান লাভ কৰিছে ৷ফৰ্বছৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তি ৪৩.৪ বিলিয়ন ডলাৰ (প্ৰায় ৩ লাখ ৬০ হাজাৰ কোটি টকা) বুলি অনুমান কৰা হৈছে।