জ্ঞান আৰু শান্তিৰ গন্তব্যস্থান হিচাপে আন্তর্জাতিকভাৱে কোকৰাঝাৰক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ২৭ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’ন (বিটিআৰ) চৰকাৰৰ সহযোগত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিছে ৷বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত এই মহোৎসৱ অনুষ্ঠিত হ’ব ৷
চাৰিদিনীয়া এই মহোৎসৱত বাংলাদেশৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ আৰ কে ৰঞ্জন সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসমৰ ৫ খন বিশ্ববিদ্যালয়ৰ উপাচার্য উপস্থিত থাকিব ৷
গুৱাহাটীত আজি অনুষ্ঠিত এখন সংবাদমেলত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে কয় “বিটিআৰত এতিয়ালৈ অনুষ্ঠিত হোৱা বৃহৎ অনুষ্ঠানসমূহৰ ভিতৰত এটা হ’ব এই মহোৎসৱ ৷ আমি এই অনুষ্ঠানৰ জৰিয়তে শিক্ষা, জ্ঞানৰ ভাগ-বতৰা আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কোকৰাঝাৰ আৰু বিটিআৰক প্ৰতিষ্ঠা কৰিব বিচাৰিছো ৷ বছৰ বছৰ ধৰি কোকৰাঝাৰ আৰু বিটিআৰক নেতিবাচকভাৱে উপস্থাপন কৰা হৈছিল। আমি উগ্ৰবাদ আৰু পিছপৰা অঞ্চল হিচাপে পৰিচিত আছিলো। কিন্তু সময় সলনি হৈছে আৰু আমি আগবাঢ়িছো। এতিয়া কোকৰাঝাৰ আৰু বিটিআৰক বিদ্ৰোহৰ বাবে নহয়, গুণী ব্যক্তিৰ গন্তব্যস্থান হিচাপে পৰিচিত হোৱাটো আমি বিচাৰো ৷”
প্ৰমোদ বড়োই কয় যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰা জ্ঞান আৰু বিশেষজ্ঞতা আহৰণ কৰি সংস্কৃতি আৰু সম্প্ৰদায়সমূহৰ মাজত জ্ঞানৰ পৰিসৰ সম্প্ৰসাৰণৰ বাবে আলোচনা বৃদ্ধি কৰিব বিচাৰে।
তেওঁ লগতে কয় -“এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ জৰিয়তে আমি সমসাময়িক মানৱ সমাজৰ উদ্বেগসমূহৰ সমাধানৰ বাবে আলোচনা আৰু অংশগ্ৰহণমূলক অগ্ৰাধিকাৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰো৷যাৰ জৰিয়তে সংঘাতৰ পিছৰ পৰিস্থিতিত সৃষ্টি হোৱা সামাজিক আৰু অৰ্থনৈতিক উদ্বেগ নাইকিয়া কৰিবলৈ এক বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব ৷”
বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ বিষয় হৈছে সমসাময়িক বিটিআৰ আৰু বিশ্বত সামাজিক উন্নয়নৰ অগ্ৰাধিকাৰ লাভ আৰু মূল বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) ২০৩০ কৃতিত্ব লাভ ৷
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তলত উল্লেখ কৰা বিষয়বস্তু আৰু উপ-বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত কৰা হ’ব -বিজ্ঞান আৰু প্ৰযুক্তি, জীৱিকা, থলুৱা জ্ঞান ব্যৱস্থা, মহিলা সবলীকৰণ, শিশু অধিকাৰ আৰু সুৰক্ষা, শান্তিৰ পৰিৱেশ সৃষ্টি, সুশাসন, যোগাযোগ আৰু সংবাদ মাধ্যম, আচৰণগত পৰিৱৰ্তন আৰু যোগাযোগ, মানৱ অধিকাৰ, বহনক্ষম কৃষি, জলবায়ু ন্যায় আৰু কাৰ্য্য, গুণগত শিক্ষা, স্বাস্থ্য আৰু কল্যাণ, কলা আৰু সংস্কৃতি, যুৱ উদ্যোগীকৰণ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, বাণিজ্য আৰু বিনিয়োগ আৰু বিটিআৰ এক্ট ইষ্ট নীতিৰ প্ৰভাৱ।
সমগ্ৰ ভাৰতৰ পৰা ৩০০ৰো অধিক আমন্ত্ৰিত প্ৰতিনিধি আৰু ১৪খন দেশৰ ৩৫ জন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে মহোৎসৱত অংশগ্ৰহণ কৰিব ৷
ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, গৱেষক, চৰকাৰী বিষয়া, ৰাজনীতিবিদ, উদ্যোগী, কৃষক আৰু আত্ম সহায়ক গোটৰ সদস্যসকলক সামৰি লোৱা জ্ঞান উৎসৱত ১০ হাজাৰতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব।