নতুন প্ৰজন্মৰ মাজত ফেচবুকৰ চাহিদা কমিছে। এতিয়া তেওঁলোকে আজৰি সময়খিনিৰ বেছিভাগ সময় ইনষ্টাগ্ৰামত পাৰ কৰে । ভিৰ কৰা মেট্ৰ’ হওক বা কলেজৰ শ্ৰেণীকোঠা হওক, যুৱক-যুৱতীসকলৰ মোবাইল ফোনলৈ এবাৰ চকু ফুৰালেই জানিব পৰা যাব যে তেওঁলোক ইনষ্টাগ্ৰামৰ ৰিল চোৱাত নিমগ্ন। কেৱল ৰিল চোৱাতেই নহয়, ৰিল বনোৱাতো সমানে আসক্ত যুৱ প্ৰজন্ম !
কেতিয়াবা ঘৰৰ চাদত বা ৰেষ্টুৰেণ্টত, কেতিয়াবা সাগৰৰ পাৰত আৰু কেতিয়াবা শোৱা কোঠাত যুৱক-যুৱতীসকলে ৰিল বনাইছে। কোনোবাই চখত . আন কোনোবাই স্বীকৃতি লাভৰ আশাত নিয়মিতভাৱে ৰিল বনাই ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰি আছে। কিন্তু একাধিক ৰিল বনোৱাৰ পিছতো একাংশ লোক হতাশ হয়। এই ৰিলটো কেতিয়াও ১০০ জনতকৈ অধিক লোকে নাচায় ৷ আপোনাৰ ৰিল অধিক মানুহৰ ওচৰলৈ যোৱাটো আপুনি বিচাৰে নেকি ? ইনষ্ট্ৰাগ্ৰামত ধন উপার্জন কৰিব বিচাৰে নেকি ? তেন্তে আপুনি অনুসৰন কৰিব পাৰে কেইটামান বিশেষ কৌশল ৷
১) ট্ৰেণ্ডিং গীত ব্যৱহাৰ কৰক:
কেৱল আপোনাৰ প্ৰিয় গীতত নহয়, এই মুহূৰ্তত ট্ৰেণ্ডিং হৈ থকা গীতত ইনষ্টাগ্ৰাম ৰিল তৈয়াৰ কৰক। কিন্তু সেই গীতটোত যদি আপুনি আন কোনো নতুন ধাৰণা উলিয়াব পাৰে, তেতিয়াহে আপোনাৰ পোষ্টটোৱে অধিক লোকক আকর্ষণ কৰিব ৷
২) ভাষাত সাৱধানতাঃ
অসমীয়া গীতত ৰিল তৈয়াৰ কৰিলেহে আপোনাৰ ৰিলৰ প্ৰসাৰতা বৃদ্ধি পাব, এনে নহয় ! হিন্দী, ইংৰাজী গীতত ৰিল বনালেও আপোনাৰ ৰিল বেছি মানুহৰ মাজলৈ যাব পাৰে। ফলত আপোনাৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাব। যিবোৰ সুৰ অতি ট্ৰেণ্ডিং হয় সেইবোৰত আপুনি ৰিল বনাব পাৰে। ৰিলটো তথ্যসমৃদ্ধ বা মনোৰঞ্জনমূলক হ’ব পাৰে।
৩) ভিডিঅ’ত কেপচনৰ ব্যৱহাৰ:
তথ্যসমৃদ্ধ ভিডিঅ’ শ্বুট কৰাৰ সময়ত ভিডিঅ’ত কেপচন ব্যৱহাৰ কৰক। যদি ভিডিঅ’টোত নির্দিষ্ট কেপচন দিয়া হয় তেন্তে দৰ্শকে বেছি ভাল পায়।
৪) সকলো বৈশিষ্ট্যৰ ব্যৱহাৰ:
ইনষ্টাগ্ৰামৰ সকলো বৈশিষ্ট্য ব্যৱহাৰ কৰা ভিডিঅ’ তেওঁলোকে অধিক বুষ্ট কৰে। আপোনাৰ ভিডিঅ’টোত অধিক প’ল, এছএফএক্স, ফিল্টাৰ, গীত, কেপচন, ষ্টীকাৰ ব্যৱহাৰ কৰক। আপোনাৰ ৰিলেও অধিক ভিউ পাব। কেৱল ইনষ্টাগ্ৰামতে নহয়, ফেচবুকতো ৰিল শ্বেয়াৰ কৰক।
৫) ৰিলৰ সংখ্যা বৃদ্ধি কৰা:
বহুতে ভাবে যে ভিডিঅ’টোৰ মানদণ্ড যিমানেই ভাল হ’ব সিমানেই বেছি লোকে চাব । আৰু সেই ভিডিঅ’টো অধিক ভাইৰেল হ’ব। কিন্তু অলপ বুদ্ধিমত্তা খৰচ কৰিলে বুজিব যে ভাল ভিডিঅ’তকৈ বেছি ভিডিঅ’ দিয়াত গুৰুত্ব দিলে আপোনাৰ ভিউ বাঢ়িব। দৈনিক এটা ৰিল দিব লাগে। যিমানেই বেছি ভিডিঅ’ পোষ্ট কৰিব সিমানেই আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলত ৰিচ পাব।