হোৱাটছএপ প্ৰায়ে গ্ৰাহকৰ সুবিধাৰ্থে নতুন নতুন সুবিধা সংযুক্ত কৰি আহিছে ৷ গ্ৰাহকে যাতে এই মেছেজিং এপটো অতি সহজে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই চকু ৰাখি আহিছে । এইবাৰ হোৱাটছএপে এটা নতুন সুবিধা মুকলি কৰিবলৈ ওলাইছে যাৰ সহায়ত গ্ৰাহকে প্ৰেৰণ কৰা বাৰ্তাসমূহ সম্পাদনা কৰাৰ সুযোগ পাব।
বৰ্তমান এই নতুন ফিচাৰটোৰ ওপৰত হোৱাটছএপ কোম্পানীয়ে কাম কৰি আছে। শীঘ্ৰে হোৱাটছএপ এপৰ নতুন আপডেটত এই বৈশিষ্ট্য সংযোজন কৰা হ’ব। বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পাদনা কৰিবলৈ ১৫ মিনিট পৰ্যন্ত সময় পাব।
বহু সময়ত খৰখেদাকৈ কাৰোবালৈ মেছেজ পঠিয়াওঁতে ভুল হয়। তেতিয়া বাৰ্তাটো মচি পেলোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। নতুন বৈশিষ্ট্য অহাৰ পিছত সকলোৱে বাৰ্তাটো সম্পাদনা কৰাৰ সুযোগ পাব। কিন্তু কেৱল টাইপ ভুলেই নহয়, লগতে, যদি আপুনি আগৰ বাৰ্তাটোত নতুন কিবা এটা যোগ কৰিব বিচাৰে, তেন্তে সেইটোও লিখিব পাৰিব। অৰ্থাৎ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত গ্ৰাহকে ইয়াক সম্পূৰ্ণৰূপে সম্পাদনা কৰাৰ সুবিধা পাব।
এই নতুন বৈশিষ্ট্যৰ জৰিয়তে অৱশ্যে হোৱাটছএপলৈ প্ৰেৰণ কৰা যিকোনো মাধ্যমৰ (ফটো, ভিডিঅ’) কেপচন সম্পাদনা কৰিব নোৱাৰিব। বৰ্তমান আইঅএছ সংস্কৰণৰ বাবে পৰীক্ষা চলি আছে। অতি সোনকালে আৰম্ভ হ’ব বিটা টেষ্টিং। আশা কৰা হৈছে যে হোৱাটছএপৰ এই নতুন ফিচাৰ ৱেব সংস্কৰণৰ লগতে এণ্ড্ৰইডতো মুকলি কৰা হ’ব।