পেছাদাৰী হেঁচা, পৰিয়ালৰ দায়িত্ব, সময়মতে খাদ্য গ্ৰহণ নকৰা – যদি নিয়মিতভাৱে এই অনিয়মবোৰ চলি থাকে তেন্তে এটা নিৰ্দিষ্ট বয়সৰ পিছত বিভিন্ন ৰোগে শৰীৰত থিতাপি ল’বলৈ আৰম্ভ কৰে। গতিকে পুৰুষ-মহিলা উভয়ে নিজৰ শৰীৰৰ অতিৰিক্ত যত্ন লোৱা উচিত। মহিলাসকলে নিজৰ যত্ন লোৱাৰ বিপৰীতে পুৰুষে প্ৰায়ে নিজৰ স্বাস্থ্যক অৱহেলা কৰে। সেইটোৱে বিপদ বৃদ্ধি কৰে। আগতীয়াকৈ সাৱধান হ’লে বহু বিপদৰ পৰা হাত সাৰিব পাৰি।কেনেদৰে পুৰুষসকলে ল’ব নিজৰ যত্ন ?
১)আঁহযুক্ত খাদ্যই ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি হজম শক্তি উন্নত কৰাৰ ক্ষেত্ৰতো আঁহ অতি ফলপ্ৰসূ। আঁহযুক্ত খাদ্য যেনে মচুৰ দাইল, শাক-পাচলি, বাদাম, শুকান ফল, বীন, ওটছ ৪০ বছৰ বয়সৰ পিছত দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।
২) উচ্চ ৰক্তচাপৰ আশংকাৰ পৰা হাত সাৰিবলৈ কম পৰিমাণৰ ছডিয়ামযুক্ত খাদ্য বেছিকৈ খাব লাগে। কল আৰু কচুৰ উপৰিও কেইবাবিধো শাক-পাচলি আৰু ফল-মূলত ছডিয়ামৰ পৰিমাণ কম। এনে খাদ্যই শৰীৰত পটাছিয়ামৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
৩) ধূমপান কৰাৰ অভ্যাস আছে নেকি? যদি আছে, তেন্তে সেই অভ্যাস এতিয়াই সলনি কৰক। ই কেৱল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, এই অভ্যাসৰ বাবে শৰীৰত বহু ৰোগৰ সৃষ্টি কৰে।
৪) কামৰ মাজত সময় নাথাকিলে দিনটোত কমেও আধা ঘণ্টা খোজ কাঢ়িব লাগে। যদি আপুনি শাৰীৰিক ব্যায়াম কৰে তেন্তে বহু ৰোগৰ পৰা মুক্তি পাব পাৰে।