ৰাষ্ট্ৰসংঘই যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে। কিন্তু ভাৰত আৰু চীনে এই প্ৰস্তাৱত ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে। মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ বৰ্ষপূৰ্তিৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৰাছিয়াই নিজৰ আক্ৰমণৰ অন্ত পেলাবলৈ আৰু প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘৰ ১৪১ জন সদস্যই এই প্ৰস্তাৱৰ সপক্ষে আৰু ৭ জন সদস্যই এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। কিন্তু ভাৰত আৰু চীনকে ধৰি ৩২ জন সদস্যই ভোটদান প্ৰক্ৰিয়াত অংশ লোৱা নাছিল।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে কয় যে ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰত চিন্তিত। দুয়োখন দেশৰ সংঘাতৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাইছে। মানৱ জীৱনত দুৰ্দশা বাঢ়িছে আৰু লাখ লাখ মানুহ গৃহহীন হৈ পৰিছে। সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণ গভীৰ চিন্তনীয়।
তেওঁ আৰু কয়, ‘ভাৰতে ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিক সমৰ্থন কৰে। আমাৰ দেশতো আমি আলোচনা আৰু কূটনৈতিক পদ্ধতিৰে যিকোনো সমস্যা সমাধান কৰাত বিশ্বাস কৰোঁ। যদিও আমি অনুভৱ কৰোঁ যে এই প্ৰস্তাৱত স্থায়ী শান্তি নিশ্চিত কৰাৰ পন্থা সীমিত ৷ ইয়াৰ কেইবাটাও সীমাবদ্ধতা আছে। আৰু সেইবাবেই আমি ভোটদানৰ পৰা বিৰত আছো।”
আনহাতে চীনেও এই ভোটদানৰ পৰা বিৰত থাকি ৰাছিয়া আৰু ইউক্ৰেইনক পুনৰ আলোচনা আৰম্ভ কৰি সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনায়। চীনে দাবী কৰিছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ কৰা উচিত নহয়।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে আস্থা প্ৰকাশ কৰে যে ৰাছিয়াৰ সৈন্যৰ আক্ৰমণৰ বিৰুদ্ধে দেশখনে নিৰ্ণায়ক জয় লাভ কৰিব। আনহাতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্ষপূৰ্তিৰ ঠিক আগতেই বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ বৃদ্ধিৰ সতৰ্কবাণী দিয়ে। এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে তেওঁৰ প্ৰশাসনে পাৰমাণৱিক অস্ত্ৰ বৃদ্ধিৰ বাবে অধিক পুঁজি আবণ্টন দিব ৷
যোৱা বছৰৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই সমগ্ৰ শক্তিৰে ইউক্ৰেইন আক্ৰমণ কৰিছিল। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়াৰ হঠাৎ আক্ৰমণৰ বাবে ইউক্ৰেইনৰ আকাশ যুদ্ধৰ ক’লা ডাৱৰে আৱৰি ধৰিছে। ধাৰাবাহিকভাৱে চলি থকা ‘ৰক্তপাত’ত এটা এটাকৈ ঘৰ-দুৱাৰ, চিকিৎসালয়, দোকান-পোহাৰ ধ্বংস হৈ পৰিছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই কিয়েভক সমৰ্থন কৰি আহিছে পশ্চিমীয়া নেতাসকলে। বহু আলোচনা হৈছে। বিভিন্ন মতামতৰ উন্মেষ ঘটিছে। কিন্তু কোনো সমাধান হোৱা নাই এই যুদ্ধৰ ৷ ফলত ৰক্তক্ষৰণ বন্ধ হোৱা নাই ইউক্ৰেইনৰ ভুমিত ৷