শেহতীয়া গৱেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি টোপনিৰ ধৰণ সলনি কৰিলে পুৰুষৰ গড় আয়ুস ৫ বছৰ আৰু মহিলাৰ গড় আয়ুস ডেৰ বছৰ বৃদ্ধি পাব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ফ্ৰেংক চিয়াই কয় যে যদি আপুনি আপোনাৰ টোপনিৰ ধৰণ সলনি কৰিব বিচাৰে তেন্তে প্ৰথমে টোপনিৰ লগত জড়িত সমস্যাৰ বিষয়ে জানিব লাগিব। কিছুমানৰ অকাল মৃত্যুৰ কাৰণ নিদ্ৰাহীনতা
প্ৰথমে চাব লাগে যে প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা টোপনি আহিছে নে নাই ৷আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি সেই দেশৰ প্ৰতি ৩ জনৰ ভিতৰত এজন মানুহ টোপনিৰ সমস্যাত ভুগিছে। কিন্তু গৱেষকসকলৰ দাবী, টোপনি নাহিলেও বহু সময় বিচনাত পৰি থাকিব লাগে। বাৰে বাৰে উঠা, ফোন চোৱা বা টোপনি নোহোৱাৰ বাবে শৌচাগাৰলৈ যোৱা আদি অভ্যাস সলনি কৰিব লাগে।
চিকিৎসকৰ মতে কেৱল টোপনিৰ সময় বা গুণগত মানেই নহয় দৈনন্দিন টোপনিৰ চক্ৰটোহে চাব লাগে। আন এক গৱেষণাৰ মতে অনিয়মিত টোপনি আৰু অনিদ্ৰা সম্পৰ্কীয় সমস্যাৰ ফলত বিপাকীয় ক্ৰিয়াৰ পৰিৱৰ্তন ঘটে। যাৰ ফলত তেজৰ শর্কৰাৰ ভাৰসাম্যত প্ৰভাৱ পৰে। হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।